ETV Bharat / state

Jayanta Malla Baruah visits Barpeta: বৰপেটাৰ হাৰিজানৰ মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ

author img

By

Published : Mar 4, 2023, 10:34 PM IST

অসম চৰকাৰৰ পৰ্যটন, জনস্বাস্থ্য কাৰিকৰীকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আজি বিগত বছৰ বানত ক্ষতিগ্ৰস্ত বৰপেটা জিলাৰ দুটা প্ৰধান মথাউৰি আৰু বান্ধৰ বৰ্তমান চলি থকা মেৰামতিৰ কাম পৰিদৰ্শন কৰে ( construction work of embarkment in Barpeta) ।

jayanta mall baruah
থাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ

বৰপেটা, ৪ মাৰ্চ : বৰপেটাত উপস্থিত হৈ মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ( construction work of embarkment in Barpeta) ৷ মন্ত্ৰীজনে প্ৰথমতে জিলাখনৰ বজালী মহকুমাৰ অন্তৰ্গত পহুমৰা নদীৰ মথাউৰিৰ নয়াপাৰা আৰু মেধিকুছিৰ ক্ষতিগ্ৰস্ত অংশ দুটাৰ মেৰামতিৰ কাম পৰ্যবেক্ষণ কৰে ।

তাৰ পাছত বৰপেটাত উপস্থিত হৈ নখান্দা নদীৰ হাৰিজান বান্ধৰ মেৰামতিৰ কামৰ বুজ লয় (Minister Jayanta Malla Baruah visits Barpeta) । উল্লেখযোগ্য যে, পহুমৰা নদীৰ মথাউৰি চিঙি যোৱাৰ ফলত ভবানীপুৰ সমষ্টিৰ অন্তৰ্গত মেধিকুছি অঞ্চলটোত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল । ভূটানৰ পাহাৰৰ পৰা নামি অহা পানীৰ সেই ঢল পহুমৰা নদীয়েদি আহি বৰপেটা চহৰৰ গাৰে বৈ যোৱা নখান্দা নদীত পৰাৰ পাছত সেই পানীয়ে আকৌ চহৰখনৰ অন্যতম সুৰক্ষা বান্ধ হাৰিজানৰ এটা বৃহৎ অংশ চিঙি পেলায় । তাৰ ফলত বৰপেটা চহৰৰ অধিকাংশ অঞ্চল প্ৰথমবাৰৰ বাবে প্ৰবল বানৰ কবলত পৰে (Barpeta flood in 2022) ।

সম্প্ৰতি এই বান্ধটোৰো ক্ষতিগ্ৰস্ত অংশটোৰ মেৰামতিৰ কাম অব্যাহত আছে । এই স্থান পৰিদৰ্শনৰ পাছত মন্ত্ৰী বৰুৱাই কয় যে অহা বাৰিষাৰ পূৰ্বে ক্ষতিগ্ৰস্ত অংশকেইটাৰ মেৰামতি সঠিকভাৱে সম্পূৰ্ণ হৈ উঠিব । তিনি কোটি চল্লিশ লাখ টকাৰে হাৰিজানৰ ক্ষতিগ্ৰস্ত অংশৰ মেৰামতি চলি থকা বুলিও মন্ত্ৰীজনে কয় ।

ইপিনে সৌন্দৰ্যবৰ্ধনৰ নামত আৰু বেদখলৰ ফলত বৰপেটাৰ পাৰিপাৰ্শ্বিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ হাৰিজানক সংকুচিত কৰাৰ ফলত সমস্যাৰ মাত্ৰা বৃদ্ধি হোৱা বুলি একাংশ স্থানীয় লোকে মন্ত্ৰীজনক অভিযোগ দিয়ে । মন্ত্ৰী বৰুৱাই তেতিয়া বৰপেটা জিলা প্ৰশাসনক জলসম্পদ বিভাগৰ সৈতে আলোচনা কৰি সাত দিনৰ ভিতৰত তেওঁক প্ৰতিবেদন দাখিল কৰিবলৈ লিখিত নিৰ্দেশ দিয়ে (Minister Jayanta Malla Baruah) । তদুপৰি মন্ত্ৰীজনে কয় যে জলসম্পদ বিভাগে তেওঁক জনোৱা মতে বাৰিষাৰ পূৰ্বে হাৰিজানৰ সকলো কাম শেষ হ’ব যদিও এখন শ্লু’ইচ গেটৰ কাম সম্পূৰ্ণ নহ‘ব ।

লগতে পঢ়ক : Sanjoy Kishan in Tinsukia: নিৰ্মাণৰ কাম চাবলৈ ৰাজপথত নিশা মন্ত্ৰী সঞ্জয় কিষাণৰ চাডেন ভিজিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.