বৰপেটাৰোড, 2 ডিচেম্বৰঃ প্ৰতিমূহুৰ্তত সলনি হৈছে বড়োভূমিৰ ৰাজনীতি ৷ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ৰাজনৈতিক ঠিকনা সলনি কৰিছে নেতা-সমৰ্থক সকলে ৷ ইয়াৰ মাজতে মঙলবাৰে গণ সুৰক্ষা পাৰ্টীৰ ২০ নং মথনগুৰী সমষ্টিৰ প্ৰাৰ্থী ইব্ৰাহীম আলীয়ে দল ত্যাগ কৰি বিপিএফত যোগদান কৰে ৷ ইয়াৰ পিছতেই তেখেতৰ সমৰ্থকসকলেও ক্ষোভিত হৈ AIUDFত যোগদান কৰে ৷
মঙলবাৰে নিশা বাক্সাৰ কাটাঝাৰ গাঁৱত অৱস্থিত কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰজোঁটৰ মুখ্য কাৰ্যালয়ত যোগদান কৰে গণ সুৰক্ষা পাৰ্টীৰ সমৰ্থক সকলে ৷ গণ সুৰক্ষা পাৰ্টিৰ পৰা যোগদান কৰা লোকসকলক ২০ নং মথনগুৰী সমষ্টিৰ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফৰহাদ আলীৰ লগতে AIUDFৰ নেতাসকলে সকলোকে গামোচাৰে আদৰণি জনায় ৷
লগতে পঢ়ক-হোজাইত মৌলানাৰ দ্বাৰা ৰাজপথত প্ৰহৃত দুই যুৱতী, ভিডিঅ' ভাইৰেল