ETV Bharat / state

বাঘবৰত খহনীয়া প্ৰতিৰোধৰ বাবে সমূহীয়া প্ৰাৰ্থনা

বাঘবৰত খহনীয়া প্ৰতিৰোধৰ বাবে নেদেখা জনৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা ৷ মানাহ আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়াই উছন কৰিছে শ শ পৰিয়ালৰ ঘৰ ৷ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে দায়িত্বশীলতাৰ অভিযোগ ৷ বিগত সপ্তাহত চতলা গাঁৱত ৩০ টাৰো অধিক পৰিয়ালৰ ঘৰ ভেটি নদীৰ বুকুত জাহ ৷

বাঘবৰত সমূহীয়া প্ৰাৰ্থনা জনাই খহনীয়া প্ৰতিৰোধৰ কামনা

author img

By

Published : Sep 23, 2020, 1:00 PM IST

বৰপেটা, 23 চেপ্তেম্বৰ: বাঘবৰৰ চতলা গাঁৱত বিধ্বংসী গৰাখহনীয়াই টোপনি সৰিছে স্থানীয় ৰাইজৰ । মানাহ আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়াই শ শ পৰিয়ালৰ ঘৰ ভেটি উছন কৰাত কোনোফালেই বাট নেদেখা হৈছে এইসকল লোকে ৷ জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই চিন্তাত অনিদ্ৰা, অনাহাৰে দিন পাৰ কৰি এতিয়া উপায়ন্তৰ হৈ খহনীয়া প্ৰতিৰোধৰ বাবে নেদেখা জনৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা বাঘবৰবাসীৰ ৷ বিগত সপ্তাহতো চতলা গাঁৱত ৩০ টাৰো অধিক পৰিয়ালৰ ঘৰ ভেটি নদীৰ বুকুত জাহ যোৱাত গছৰ তলত নিশা যাপন কৰিব লগা হৈছে পৰিয়াল সমূহে ৷

খহনীয়া প্ৰতিৰোধৰ বাবে বাঘবৰত সমূহীয়া প্ৰাৰ্থনা

উল্লেখ্য যে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বাঘবৰ সমষ্টিৰ চতলা, পাহাৰতলী, ৰৌখোৱা, পাথৰচালি, হাপাচৰা আদি গাঁৱত বিগত এবছৰ ধৰি মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহনীয়া চলাই শ শ পৰিয়ালৰ ঘৰ ভেটি উছন কৰাৰ পিছতো বাঘবৰৰ বিধায়কজনে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো পদক্ষেপ নোলোৱাত খহনীয়াগ্ৰস্ত লোকসকল ক্ষোভিত হৈ পৰিছে ৷ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে দায়িত্বশীলতাৰ অভিযোগ তুলি ক্ষোভিত ৰাইজে জানিবলৈ দিয়ে যে ঘৰ ভেটি সকলো নদীৰ বুকুত জাহ যোৱাৰ ফলত নতুনকৈ ঘৰ সাজি থাকিবলৈ এতিয়া তেওঁলোকৰ হাতত কোনো সমল নাই ৷ কিন্তু ইয়াৰ পাছতো স্থানীয় বিধায়কজনে খহনায়াগ্ৰস্ত লোকসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধ্যান দিয়া নাই ৷ স্থানীয় ৰাইজৰ দাবী সোনকালেই ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে চৰকাৰে ক্ষতিপূৰণৰ ব্যৱস্থা কৰক ৷

লগতে পঢ়ক: বৰপেটাৰোডত চিলনী চোৰে কাঢ়ি নিলে 2 লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.