ETV Bharat / state

মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সংৰক্ষণৰ উৎকৰ্ষকতাৰ বঁ‌টা

author img

By

Published : Dec 1, 2020, 10:51 AM IST

Updated : Dec 2, 2020, 8:25 PM IST

মানাহ ৰাষ্ট্ৰীয় উদ্যানে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে আন্তৰাষ্ট্ৰীয় সংস্থা গ্ল'বেল টাইগাৰ ৰিজাৰ্ভৰ তৰফৰ পৰা লাভ কৰিছে 'সংৰক্ষণৰ উৎকৰ্ষকতাৰ বঁ‌টা'। ২৩ নবেম্বৰত অনলাইনযোগে অনুষ্ঠিত অনুষ্ঠানৰ জৰিয়তে এই বটা প্ৰদাণ কৰা হৈছে সংস্থাটোৱে ।

manas national park
মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সংৰক্ষণৰ উৎকৰ্ষকতাৰ বঁ‌টা

বৰপেটাৰোড 2 ডিচেম্বৰঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংস্থা গ্ল'বেল টাইগাৰ ৰিজাৰ্ভৰ তৰফৰ পৰা লাভ কৰিছে 'সংৰক্ষণৰ উৎকৰ্ষকতাৰ বঁ‌টা'। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰয়েল মানাহ নেচনেল পাৰ্ক (ভূটানে)ও আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ পৰা যৌথভাৱে এই বঁ‌টা লাভ কৰিছে । ২৩ নবেম্বৰত অনলাইনযোগে অনুষ্ঠিত কৰা এক অনুষ্ঠানৰ জৰিয়তে এই বঁটা প্ৰদান কৰে আন্তৰাষ্ট্ৰীয় সংস্থাটোৱে ।

উল্লেখযোগ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানক 1 অক্টোবৰ 1928 চনতে 360 বৰ্গ কিলোমিটাৰ এলেকাক সামৰি ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল ৷ তাৰপিছতেই 1985 চনত আন্তঃৰাষ্ট্ৰীয় সংস্থা UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল যদিও 1992 চনত আন্তঃৰাষ্ট্ৰীয় সংস্থা UNESCO পুনৰ বনধ্বংস, নিবনানীকৰণ আৰু চোৰাংচিকাৰীৰ আতংকৰ বাবে world heritage site in danger স্থান হিচাপে ঘোষণা কৰিছিল ৷ সেই সমূহ প্ৰত্যাহবানক নেওচি সম্প্ৰতি মানাহ ৰাষ্ট্ৰীয় উদ্যানে বিগত দহটা বছৰত বাঘৰ জনসংখ্যা তিনিগুনলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ৷ তাৰসমান্তৰভাবে 2002 চনলৈকে এটাও গড় নথকা ৰাষ্ট্ৰীয় উদ্যান খনত সম্প্ৰতি 44 টাকৈ এশিঙিয়া গড়ে সৌস্তভ বৃদ্ধি কৰি আছে ৷

ইফালে এই উপলক্ষে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁ‌হবাৰী ৰেঞ্জত উদযাপন কৰা হয় ’উইনাৰ অৱ দ্যা কনজাৰ্ভেশ্যন এক্সিলেঞ্চ এৱাৰ্ড’ শীৰ্ষক এক অনুষ্ঠান । ধৰণীধৰ বড়োৱে আঁ‌ত ধৰা অনুষ্ঠানত ৰাজ্যৰ মুখ্য বন সংৰক্ষক এ এম সিং, অমিত সাহা,অনিন্দ্য স্বৰ্গীয়াৰী,মানাহ ব্যঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মা, প্ৰাক্তন ক্ষেত্ৰ সঞ্চালক হিৰন্য কুমাৰ শৰ্মা,ৰিতেশ ভট্টাচাৰ্য,অমৰেন্দ্ৰ চন্দ্ৰ দাস,মানাহ ব্যঘ্ৰ প্ৰকল্পৰ উপ ক্ষেত্ৰ সঞ্চালক ৰঘুনাথ বড়ো,চন্দ্ৰকান্ত বসুমতাৰী,ৰথিন বৰ্মন,অমিত শৰ্মা,দেৱ কুমাৰ দত্ত,বিভৱ তালুকদাৰ,বাবুল ব্ৰহ্ম,কামেশ্বৰ বড়ো আদি উপস্থিত থাকে ৷

লগতে পঢ়ক:DDC Election : নিৰ্বাচন এক বৈধ গণতান্ত্ৰিক প্ৰক্ৰিয়া

Last Updated : Dec 2, 2020, 8:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.