জনিয়া, 2 ডিচেম্বৰ: এ টি এম ব্যৱহাৰ কৰিব নাজানি বিপদত পৰিল কলগাছিয়াৰ এজন যুৱক ৷ প্ৰৱঞ্চকৰ জালত পৰি যুৱকজনে হেৰুৱালে নগদ 40 হাজাৰ টকা(lost money for Fraudulent Transaction in Kalgachia) ৷
কলগাছিয়াৰ কৈমাৰী গাঁৱৰ ছায়েদ আলী নামৰ যুৱকজনে 30 নৱেম্বৰত নিজৰ এ টি এম কাৰ্ডখন লৈ ওচৰৰে এটা এ টি এমলৈ গৈছিল ধন উলিয়াবৰ বাবে ৷ কিন্তু ধন উলিয়াব নোৱাৰি সহায় বিচাৰিলে ওচৰতে ৰৈ থকা এজন যুৱকৰ ৷ ছায়েদ আলীৰ জ্ঞাত নোহোৱা এটা প্ৰৱঞ্চকে এ টি এম কাৰ্ডখন লৈ তৎক্ষণাত ছায়েদ আলীৰ একাউন্টৰ পৰা উঠাই নিয়ে 40 হাজাৰ টকা ৷
বিপদত পৰা লোকক সহায় কৰাৰ চলেৰে বুজন পৰিমানৰ ধন সৰকোৱাৰ পিছত প্ৰৱঞ্চকটোৱে হাছিনুৰ ইছলামৰ নামত থকা এখন এ টি এম কাৰ্ড ছায়েদ আলীক দি সেই স্থানৰ পৰা উধাও হয় ৷ কলগাছিয়াস্থিত ষ্টেট বেংক(State Bank of India Kalgachia Branch) ৰ সমীপত থকা এ টি এমটোত সংঘটিত এই ঘটনাৰ পিছতে সৰগ ভাগি পৰে ছায়েদ আলীৰ মূৰত ৷
প্ৰৱঞ্চনাৰ বলি হোৱা বুলি জানিব পৰাৰ পিছতে ভুক্তভোগী ছায়েদ আলী কাষ চাপে কলগাছিয়া আৰক্ষী থানা(Kalgachia Police Station)ৰ ৷ কলগাছিয়া থানাত ছায়েদ আলীয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ অতি সোনকালে প্ৰৱঞ্চকটোক কৰায়ত্ব কৰি হেৰুওৱা ধন ঘূৰাই দিয়াৰ বাবে ভুক্তভোগী ছায়েদ আলীয়ে কলগাছিয়া আৰক্ষীক আহ্বান জনাইছে ৷
লগতে পঢ়ক: Superstition : 26 লাখ টকীয়া তাবিজ পিন্ধি সৰ্বস্বান্ত হ’ল মহিলা