বৰপেটা, ২ ডিচেম্বৰ: নতুন দিল্লীত অব্যাহত থকা কৃষক বিদ্ৰোহলৈ সমৰ্থন জনাইছে সমগ্ৰ দেশৰ কৃষক সমাজৰ লগতে বিভিন্ন জাতীয় সংগঠন আৰু বাওঁপন্থী দলে । কৃষি আইনৰ বিৰোধিতাৰে বৰপেটাৰ সৰ্থেবাৰীত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নিখিল ভাৰত কৃষক সভাই । সৰ্থেবাৰীৰ নতুন বজাৰত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰযসূচী ৰূপায়ণ কৰি কৃষক বিৰোধী তিনিওখন আইন বাতিলৰ দাবী জনায় সংগঠন দুটাই ।
চৰকাৰ বিৰোধী শ্ল'গানেৰে সৰ্থেবাৰীৰ নতুন বজাৰ উত্তাল কৰি তোলে । দেশৰ ভিন্ন প্ৰান্তত বিশেষকৈ দিল্লীত কৃষক বিদ্ৰোহে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । বাৰে বাৰে কৃষকৰ স্বাৰ্থত কৃষি আইন সংশোধন আৰু প্ৰণয়ন কৰাৰ দাবী কৰি অহা কেন্দ্ৰীয় চৰকাৰক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছে দেশৰ কৃষক সমাজে । চৰকাৰে পুঁজিপতিৰ স্বাৰ্থতহে কাম কৰাৰ অভিযোগ তুলিছে কৃষকসকলে ।
লগতে পঢ়ক:মেঘালয়ৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ