ETV Bharat / state

নাবালিকা অপহৰণ কৰিবলৈ গৈ ৰঙাঘৰত সোমাল ছফিকুল - নাবালিকা অপহৰণৰ চেষ্টা

নিৰাপদ নহয় ৰাজ্যৰ কিশোৰী-মহিলা ৷ আন সময়ৰ কথা বাদেই, ৰমজান মাহৰ(Ramadan 2022) পবিত্ৰতাকো অপবিত্ৰ কৰিবলৈ এৰা নাই একাংশই ৷ চুৰি, ডকাইতি, হত্যা, অপহৰণ, নাৰী ধৰ্ষণ, নাৰী অপহৰণৰ জৰিয়তে ৰাজ্যখনক অপৰাধ ক্ষেত্ৰ কৰি তোলাৰ মাজতে বৰপেটাত সংঘটিত হ'ল নাবালিকা অপহৰণৰ ঘটনা(Minor girl rescued) ৷ অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত কথমপি ৰক্ষা পৰে নাবালিকাগৰাকী(kidnappers arrested in Barpeta) ৷

kidnappers arrested in Barpeta
নাবালিকা অপহৰণ কৰিবলৈ গৈ ৰঙাঘৰত সোমাল ছফিকুল
author img

By

Published : Apr 6, 2022, 8:55 PM IST

বৰপেটা, ৬ এপ্ৰিল : বৰপেটাৰ সৰুক্ষেত্ৰীৰ বেছিমাৰী গাঁৱত অপহৰণকাৰীৰ কৱলত পৰিল এগৰাকী ১৩ বছৰীয়া কিশোৰী ৷ সৰুক্ষেত্ৰীৰ বগচ'ৰা গাঁৱৰ ছফিকুল আলী নামৰ নাৰী অপহৰণকাৰীটোৱে বেছিমাৰী গাঁৱৰ এগৰাকী নাবালিকাক এখন ই-ৰিক্সাৰে অপহৰণ কৰাৰ পিচতে ৰাইজৰ তৎপৰতাত উদ্ধাৰ হয় নাবালিকাজনী(Kidnapper arrested while kidnapping Minor Girl from Barpeta) ৷

নাবালিকাজনীক অপহৰণৰ পিচতেই গাঁৱখনৰ লোকসকলে নাবালিকাজনীৰ সন্ধানত নামি পৰে ৷ ফলত ই-ৰিক্সাসহ নাবালিকাজনীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰীটোকো আটক কৰে ৰাইজে ৷ জানিব পৰা মতে সৰুক্ষেত্ৰীৰ বগচ'ৰা গাঁৱৰ দুই সন্তানৰ পিতৃ ছফিকুল আলী লক্ষ্ণৌত থাকে ৷

নাবালিকা অপহৰণ কৰিবলৈ গৈ ৰঙাঘৰত সোমাল ছফিকুল

ৰমজান মাহত ঘৰলৈ অহা ছফিকুলে মঙলবাৰে নাবালিকা অপহৰণৰ চেষ্টা কৰে ৷ অপহৰণকাৰীটোৱে অসমৰ পৰা যুৱতী অপহৰণ কৰি বহিঃৰাজ্যত বিক্ৰী কৰা চক্ৰৰ সৈতে জৰিত থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ ইপিনে সৰ্থেবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অপহৰণকাৰীটোক আটক কৰি সম্প্ৰতি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Price rise in Assam: দাম কমোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱা নাই চৰকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.