ETV Bharat / state

বৰপেটাত অপহৰণ কাণ্ড - ইটিভি অসম

বিগত 15 মে'ত কলেজৰ পৰা আহি থকা অৱস্থাত হালাপাকুৰি গাঁৱৰ চেলিম জাবেদৰ লগত অহা কেইজনমান যুৱকে এখন চাৰিচকীয়া বাহনত উঠাই অপহৰণ কৰি লৈ যায় ৷ যুৱকজনৰ সৈতে হোৱা টনা আজোৰাত যুৱতীগৰাকীৰ লগত থকা কিতাপৰ বেগ আদি ৰাজপথৰ ওপৰতে পৰি যায় ৷

বৰপেটাত অপহৰণ কাণ্ড
author img

By

Published : May 31, 2019, 4:10 PM IST

বৰপেটা,৩১ মেঃ বৰপেটাৰ হাউলীৰ সমীপৰ হেলনাৰপাম গাঁৱৰ এজনী ২১ বছৰীয়া যুৱতীক অপহৰণক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ হেলনাৰপাম গাঁৱৰ মৃত তাইজুদ্দিন আহমেদৰ কন্যাগৰাকীয়ে যোৱা ১৫ মে'ত কলেজৰ পৰা স্মাতক পৰীক্ষা দি ঘৰলৈ আহি থকাৰ সময়তে হালাপাকুৰি গাঁৱৰ চেলিম জাবেদৰ লগত অহা কেইজনমান যুৱকে এখন চাৰিচকীয়া বাহনত উঠাই অপহৰণ কৰি লৈ যায় ৷ হাউলী ইটাভাটাৰ মিলনজ্যোতি কলেজৰ পৰা আহি থকা অৱস্থাত যুৱতীগৰাকীক চেলিম জাবেদসহ যুৱকৰ দলটোৱে অপহৰণ কৰি নিয়ে ৷ যুৱকজনৰ সৈতে হোৱা টনা আজোৰাত যুৱতীগৰাকীৰ লগত থকা কিতাপৰ বেগ আদি ৰাজপথৰ ওপৰতে পৰি যায় ৷

পৰিয়ালৰ লোকে চেলিম জাবেদসহ যুৱকজনৰ পিতৃ আৰু মাতৃৰ বিৰুদ্ধে ইতিমধ্যে হাউলী থানাত এজাহাৰ দাখিল কৰিছে যদিও যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ অপহৃত যুৱতীগৰাকী নাৰী সৰবৰাহী চক্ৰৰ কৱলত পৰাৰ সন্দেহত পৰিয়ালৰ লোকসকল শোকত ভাগি পৰিছে ৷ ইপিনে আৰক্ষীয়ে অপহৰণ কাণ্ডত জড়িত গাড়ীখন জব্দ কৰাৰ লগতে গাড়ীৰ চালকজনকো আটক কৰিবলৈ সক্ষম হৈছে। যুৱতীগৰাকীক উদ্ধাৰৰ বাবে বৰপেটা জিলা উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি আবেদন জনাইছে যদিও এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই যুৱতীগৰাকীক।

Slug:      as_bar_31may_barpeta_girl_kidnap_vis+bite+photo_7203841                  

 বৰপেটাত ছাত্ৰী অপহৰণ। 
থানাত গোচৰ, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকলৈ আবেদন ।
অপহৰনকাৰী যুৱকৰ বিৰুদ্ধে পৰিয়ালৰ লোকৰ গোচৰ। 
আৰক্ষীৰ জালত গাড়ীচালকক ৷

বৰপেটা , ৩১ মেঃ বৰপেটাৰ হাউলীৰ সমীপৰ হেলনাৰপাম গাৱৰ এজনী ২১ বছৰীয়া যুৱতীৰ অপহৰনক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ হেলনাৰপাম গাৱৰ মৃত তাইজুদ্দিন আহমেদৰ ( তছলিমা নাছৰিন আহমেদ) ছোৱালীজনী ১৫ মে'ত  কলেজৰ পৰা স্মাতক পৰীক্ষা দি ঘৰলৈ অাহি থকাৰ সময়তে হালাপাকুৰি গাৱৰ চেলিম জাবেদৰ লগত অহা কেইজনমান যুৱকে এখন চাৰিচকীয়া বাহনত উঠাই অপহৰন কৰি লৈ যায় ৷ হাউলী ইটাভাটাৰ মিলনজ্যোতি কলেজৰ পৰা  আহি থকা অৱস্থাত যুৱতীগৰাকীক চেলিম জাবেদসহ যুৱকৰ দলটোৱে অপহৰন কৰি নিয়ে ৷ যুৱকজনৰ সৈতে হোৱা টনা আজোৰাত যুৱতীগৰাকীৰ লগত থকা কিতাপৰ বেগ আদি ৰাজপথৰ ওপৰতে পৰি যায় ৷ পৰিয়ালৰ লোকে লগে লগে চেলিম জাবেদসহ যুৱকজনৰ পিতৃ আৰু মাতৃৰ বিৰুদ্ধে ইতিমধ্যে হাউলী থানাত এজাহাৰ দাখিল কৰিছে যদিও যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ অপহৃত যুৱতীগৰাকী নাৰী সৰবৰাহী চক্ৰৰ কবলত পৰাৰ সন্দেহত পৰিয়ালৰ লোকসকল শোকত ভাগি পৰিছে ৷ ইপিনে আৰক্ষীয়ে অপহৰনকাণ্ডত জড়িত গাড়ীখন জব্দ কৰাৰ লগতে গাড়ীৰ চালকজনকো আটক কৰিবলৈ সক্ষম হৈছে । ইপিনে যুৱতীগৰাকীক উদ্ধাৰৰ বাবে বৰপেটা জিলা উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি আবেদন জনাইছে পৰিয়ালৰ লোকে ।

বাইটঃ মাতৃ ৷
বাইটঃ খূড়াক ৷
বাইটঃ ককাক ৷

--- বাপকন দাস, বৰপেটা                 

  ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.