জনীয়া, ৫ ছেপ্তেম্বৰ : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া হৈছে ব্যৱসায়-বাণিজ্যৰ প্ৰাণকেন্দ্ৰ । শনিবাৰৰ দিনটোত এখন বৃহৎ মৰাপাটৰ বজাৰ বহে কলগাছিয়াত । যাৰ বাবে সেই দিনটোত কলগাছিয়াৰ পৰা বলাইপাথাৰ অঞ্চললৈ গড়কাপ্তানি পথটোত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ।
এই যানজঁটৰ বাবে ঘণ্টা ঘণ্টা ধৰি ৰাজপথত আবদ্ধ হৈ থাকিবলগীয়া হয় বাহনসমূহ । একপ্ৰকাৰ হাৰাশাস্তি ভুগিবলগীয়া হয় পথটোৰে যোৱা লোকসকলে । সৰ্বসাধাৰণ লোকৰ লগতে এম্বুলেঞ্চ আৰু ৰোগীসকলো ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয় । আনকি ব্যৱসায়ীসকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ।
অভিযোগ অনুসৰি ব্যস্ত পথটো বন্ধ কৰি মৰাপাটৰ বজাৰ খন গঢ়ি উঠিছে । মৰাপাটৰ ব্যৱসায়ীসকলে পথৰ ওপৰতে ব্যৱসায় চলাই আহিছে । যাৰ বাবে পথটোৰে সাধাৰণ বাহনবোৰ অহা যোৱা কৰিবলৈ অসুবিধা হয় । আনকি এইবোৰ দেখিও কোনো ব্যৱস্থা লোৱা নাই বজাৰ কমিটিয়ে ।
বজাৰৰ লেছীয়ে ব্যৱসায়ীৰ পৰা কৰ ঠিকে সংগ্ৰহ কৰে কিন্তু এইক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে । ইফালে একাংশ লোকৰ মতে মৰাপাটৰ ব্যৱসায়ীসকলৰ বজাৰ গৃহ নিৰ্মাণ কৰি দিছিল যদিও তাত আন সামগ্ৰীৰহে দোকান গঢ়ি উঠিছে । অতি শীঘ্ৰে এইক্ষেত্ৰত প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে স্থানীয় লোকসকলে । পথটো মুকলি কৰি দি সৰ্বসাধাৰণ ৰাইজৰ সমস্যা সমাধানৰ বাবে প্ৰশাসনৰ ওচৰত আহ্বান জনাইছে স্থানীয় লোকসকলে ।
লগতে পঢ়ক :বিলাসী জাহাজ প্ৰদানৰ নামত মাজুলীবাসীক প্ৰৱঞ্চনা চৰকাৰৰ