ETV Bharat / state

বেঁকী নৈৰ বাঢ়নী পানীত জলমগ্ন কলগাছিয়া

author img

By

Published : May 23, 2020, 10:26 AM IST

কলগাছিয়াত বেঁকী নৈৰ বাঢ়নি পানীৰ ফলত জলমগ্ন কলগাছিয়া ৰাজহ চক্ৰৰ প্ৰায় 20 খন গাঁও। ভুটানৰ কুৰিশ্ব বান্ধৰ পানী এৰি দিয়াৰ ফলতেই জলমগ্ন হৈছে গাঁও কেইখন । ২ সহস্ৰাধিক পৰিয়াল প্লাবিত হোৱাৰ লগতে শ শ বিঘা ইৰী, বড়ো আৰু শাক-পাচলিৰ খেতিৰ বিস্তৰ ক্ষতি । বান সাহাৰ্যৰ দাবী বানাক্ৰান্তৰ ।

জলমগ্ন কলগাছিয়া
জলমগ্ন কলগাছিয়া

বৰপেটা, 23 মে’: ভূটানৰ কুৰিশ্ব বান্ধৰ পানী এৰি দিয়াৰ ফলত বেঁকী নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ বৰপেটা জিলাৰ কলগাছিয়া আৰু বৰনগৰ ৰাজহ চক্ৰৰ প্ৰায় 20 খন গাঁও জলমগ্ন হৈ পৰে । শনিবাৰে ৰাতিপুৱাৰে পৰা বেকী নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত আতংকিত হৈ পৰে নৈপৰীয়া ৰাইজ । ইতিমধ্যে বৰনগৰ ৰাজহ চক্ৰৰ কামাৰপাৰা, বৰডাঙ্গাকে ধৰি কলগাছিয়া ৰাজহ চক্ৰৰ শ্ৰীৰামপুৰ, গলীয়া, লাচাংগা, বলাইপথাৰ, ডাউকমাৰি, খাৰবাল্লী, শওপুৰ, কলগাছিয়া আদি গাঁওসমূহ এতিয়া পানীৰ তলত ।

জলমগ্ন কলগাছিয়া

হঠাৎ ভূটানৰ কুৰিশ্ব বান্ধৰ পানী এৰি দিয়াৰ ফলত ইতিমধ্যে শ শ বিঘা ইৰি, বড়ো ধান, মৰাপাট খেতিৰ লগতে শাক-পাচলিৰ খেতি পানীত ডুব গৈ খেতিয়কৰ বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে । বানপানীত আবদ্ধ লোকসকলক অতি শীঘ্ৰে বান সাহাৰ্য্য দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: কুৱাৰ ভিতৰত উদ্ধাৰ 9গৰাকী শ্ৰমিকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.