জনীয়া,১০ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে অসমৰ কেইবাখনো জিলাত শেহতীয়াকৈ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । বৰপেটা জিলাত একাংশ বহি:ৰাজ্যৰ পৰা অহা লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ভাইৰাছ ।
বৰপেটা ৰোড ৰেল ষ্টেচনত ৰেপিড এণ্টিজেন টেষ্টত এগৰাকী উত্তৰপ্ৰদেশৰ লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি । আক্ৰান্ত যুৱকজন উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ অংকিত ৰায় । জানিব পৰা মতে যুৱকজন ব্যৱসায় সংক্ৰান্তত বৰপেটা ৰোডলৈ আহিছিল । পিছত উভতি যোৱাৰ পথত ষ্টেচনত ক'ভিড পৰীক্ষাত ভাইৰাছৰ অৱস্থিতি গম পোৱা যায় ।
যুৱকজনক বৰপেটা ৰোডৰ পৰা এম্বুলেঞ্চৰ জৰিয়তে শনিবাৰে পুৱা বৰপেটা অসামৰিক চিকিৎসালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত ভৰ্তি কৰোৱা হয় । ইফালে এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হোৱা দেখা গৈছে । বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ড০ চামচুল আলমে জনোৱা মতে সম্প্ৰতি যুৱকজনৰ দেহত ভাইৰাছৰ কোনো লক্ষণ নাই যদিও হাস্পতাল কতৃপক্ষই সকলো তৎপৰতা গ্ৰহণ কৰিছে ।
লগতে পঢ়ক:ৰঙাপৰাত বলুকা শিল্পীৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ বিৰজা তিৰ্কীৰ