বৰপেটা, ২৭ ফেব্ৰুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম আন্দোলনৰ আগশাৰীৰ নেতা, বৰপেটাৰ বিশিষ্ট সমাজসেৱক শশধৰ কাকতীৰ দেহৱসান । দীর্ঘদিন ধৰি অসুস্থ হৈ থকা কাকতীয়ে বুধবাৰে নিশা বৰপেটা মেডিকেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । প্ৰায় এপষেক পূৰ্বে গুৱাহাটীৰ এপ'লো হাস্পতালত ভৰ্তি কৰা হৈছিল কাকতীক ৷ দীৰ্ঘদিন ধৰি এপ'লো হাস্পতালত চিকিৎসাধীন হৈ থকা পাচতো স্বাস্থ্যৰ কোনো উন্নতি নঘটাত বুধবাৰে নিশা গুৱাহাটীৰ পৰা বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল প্ৰাক্তন ছাত্ৰ নেতা গৰাকী ৷
অৱশেষত বুধবাৰে নিশাই চিকিৎসাধীন অৱস্থাতে বৰপেটা মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শশধৰ কাকতীয়ে । মৃত্যুৰ সময়ত প্ৰাক্তন ছাত্ৰনেতাগৰাকীৰ বয়স আছিল ৬৩ বছৰ ৷ ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাচতে ১৯৮৫ চনত লখিমপুৰত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনত প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনে ছাত্ৰসন্থাৰ মজিয়া ত্যাগ কৰাৰ পিচতে শশধৰ কাকতী আছুৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈছিল । ছাত্ৰ সন্থাৰ দৰে জাতীয় সংগঠনৰ সাধাৰণ সম্পাদকৰ গুৰুদায়িত্ব লৈ কাকতীয়ে অসমৰ জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে নিৰৱচ্ছিন্নভাৱে সংগ্ৰাম চলাই যোৱাৰ লগতে বৰপেটাৰ প্ৰায়বোৰ সামাজিক সাংস্কৃতিক সংগঠনৰ সৈতে জড়িত থাকি বৰপেটাৰ সমাজ জীৱনক নেতৃত্ব প্ৰদান কৰিছিল ৷
তেখেতৰ মৃত্যুত বৰপেটা জিলাৰ লগতে সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰিছে । তেখেতৰ মৃত্যুত বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, বৰপেটা জিলা ছাত্ৰসন্থা, অগুৰ বৰপেটা জিলা সমিতিৰ লগতে বহু দল সংগঠনে শোকপ্ৰকাশ কৰে ৷