ETV Bharat / state

বন্ধ কুঠৰীত কিদৰে সময় কটাইছে জিগনেশ মেৱানীয়ে ? - Jignesh Mevani in police custody

বৰপেটা আদালতে ৫ দিনৰ আৰক্ষীৰ জিম্মাত প্ৰদান কৰা গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীয়ে এতিয়া কিদৰে সময় কটাইছে(Jignesh Mevani arrested by Barpeta police) ! এই বিষয়ে জনাইছে জিগনেশ মেৱানীৰ এগৰাকী আত্মীয়ই...

Jignesh Mevani Relative visit him at Barpeta Police station
বন্ধ কুঠৰীত কিদৰে সময় কটাইছে জিগনেশ মেৱানীয়ে
author img

By

Published : Apr 27, 2022, 11:02 PM IST

বৰপেটা, ২৭ এপ্ৰিল : জিগনেশ মেৱানীয়ে এতিয়া বন্ধ কুঠৰীৰ ভিতৰত কিতাপ, আলোচনী আৰু বাতৰি কাকত পঢ়ি সময় কটাইছে ৷ জিগনেশ মেৱানীৰ এগৰাকী আত্মীয়ই বুধবাৰে বিধায়কগৰাকীক সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে ৷ জিগনেশ মেৱানীৰ আত্মীয় গৰাকী লগতে জানিবলৈ দিয়ে যে, আৰক্ষী জিম্মাত তেওঁ বৰ্তমান ঠিকেই আছে আৰু ভালদৰে খোৱা-বোৱা কৰি আছে(Jignesh Mevani in police custody) ৷

আৰক্ষীৰ ব্যৱহাৰো ভাল বুলি প্ৰশংসা কৰে জিগনেশৰ আত্মীয়গৰাকীয়ে ৷ আত্মীয়জনে এটা মিছা অভিযোগত জিগনেশক এনেদৰে হাৰাশাস্তি কৰিলেও আদালতে তেওঁক ন্যায় দিব বুলি আশা প্ৰকাশ কৰে ৷ অৱশ্যে তেওঁৰ টোপনি অহা নাই বুলিও জানিবলৈ দিয়ে আত্মীয়গৰাকীয়ে ৷ ৫ দিনৰ পিচত আদালতে তেওঁক ন্যায় দিব বুলি আশাবাদী বিধায়কগৰাকীৰ আত্মীয় ৷

পৰিয়ালৰ লোকো জিগনেশক লৈ চিন্তিত হৈ আছে বুলি জানিবলৈ দিয়ে তেওঁ ৷ ইয়াৰ লগতে অসমৰ চাহ পৃথিৱী বিখ্যাত, অসমখনৰ লগতে ইয়াৰ লোকসকলো বৰ ভাল বুলি মন্তব্য কৰে বিধায়কগৰাকীৰ আত্মীয় ৷ কিন্তু জিগনেশ মেৱানীৰ ক্ষেত্ৰত বিজেপি চৰকাৰে অসমক বদনাম কৰিছে বুলি তেওঁ অভিযোগ কৰে ৷

জিগনেশ মেৱানীৰ আত্মীয়

প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যেশ্যিও মন্তব্য কৰে মেৱানীৰ আত্মীয়গৰাকীয়ে ৷ অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে সকলো হৈ থকা বুলি অভিযোগ কৰে মেৱানীৰ আত্মীয়গৰাকীয়ে ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাক উদ্যেশ্যি তেওঁ মুখ্যমন্ত্ৰীক কেৱল অসমৰ ৰাজনীতিহে কৰিবলৈ আহ্বান জনাই গুজৰাটৰ ৰাজনীতিত জড়িত নহ’বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ বিধায়ক জিগনেশ মেৱানী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.