ETV Bharat / state

জনীয়াত তুংগত উঠিছে উপ নিৰ্বাচনৰ প্ৰচাৰ

author img

By

Published : Oct 19, 2019, 8:27 AM IST

জনীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অতি তীব্ৰতৰ আৰু আকৰ্ষণীয় হৈ উঠিছে। কংগ্ৰেছ, ইউ ডি এফ আৰু বিজেপি দলে নিজৰ নিজৰ দলৰ প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷

জনীয়াত উপ নিৰ্বাচনৰ প্ৰচাৰ

জনীয়া, 19 অক্টোবৰঃ ৰাজ্যৰ চাৰিওটা সমষ্টিতে সম্প্ৰতি তুংগত নিৰ্বাচনৰ প্ৰচাৰ ৷ ক্ৰমে তীব্ৰতৰ আৰু আকৰ্ষণীয় হৈ উঠিছে জনীয়া উপ নিৰ্বাচনৰ প্ৰচাৰ ৷ কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফ প্ৰতিটো দলেই নিজ নিজ দলৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ অভিযানত নামি পৰিছে ৷ বিজেপি দলৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ হৈ অসম বিধান সভাৰ উপাধ্যক্ষ আমিনুল ইছলাম লস্কৰে, বিধায়ক নাৰায়ন ডেকা আৰু নামনি অসমৰ বি জে পিৰ যুৱ নেতা অধিবক্তা শ্বহিদুল ইছলামে কপোহা, কাদঙত প্ৰচাৰ সভাত অংশ লয় ৷

আনহাতে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ হৈ পূৱ কলগাছিয়া, লাচাংগা আদি বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলনা বদৰুদ্দিন আজমল আৰু বিধায়ক হাফিজ বছিৰ কাছিমিয়ে ৷ লগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ছামচুল হকৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়, প্ৰাক্তন মন্ত্ৰী তথা ছেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী, বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী নাজিমা খানম আৰু আমছুৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম আহমেদে ছিতুলীয়ে ৷

জনীয়াত উপ নিৰ্বাচনৰ প্ৰচাৰ

উল্লেখ্য যে, জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ আৰু ইউ ডি এফৰ মাজত তুমুল প্ৰতিদ্বন্দীতা হোৱাৰ সম্ভাৱনা আছে যদিও বিজেপি দলেও জনীয়া সমষ্টিত বিজেপিৰ ভেটি যথেষ্ঠ মজবুত কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে ৷

Intro:slug: as_jania_18oct_jania_election_vis4+byt3+pho1_story_asc10058

Anchor: জনীয়া সমষ্টিত দিনে নিশাই বিভিন্ন দলৰ নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছৰ সভাত প্ৰাক্তন মন্ত্ৰী শুকুৰ আলি, বিজেপি সভাত অসম মন্ত্ৰী সভাৰ উপাধ্যক্ষ আমিনুল ইছলাম লস্কৰ।Body:slug: as_jania_18oct_jania_election_vis4+byt3+pho1_story_asc10058

VO: জনীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অতি তীব্ৰতৰ আৰু আকৰ্ষণীয় হৈ উঠিছে। কংগ্ৰেছ, ইউ ডি এফ আৰু বিজেপি দলে নিজৰ নিজৰ দলৰ প্ৰাৰ্থী জিকাবলৈ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। বিজেপি দলৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ হৈ অসম বিধান সভাৰ উপাধ্যক্ষ আমিনুল ইছলাম লস্কৰে,বিধায়ক নাৰায়ন ডেকা আৰু নামনি অসমৰ বি জে পিৰ যুৱ নেতা অধিবক্তা শ্বহিদুল ইছলামে কপোহা, কাদং, কংগ্ৰেছ দলৰ প্ৰাৰ্থী ছামচুল হকৰ হৈ প্ৰাক্তন মন্ত্ৰী তথা ছেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী, বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী নাজিমা খানম আৰু আমছুৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম আহমেদে ছিতুলী, কপোহা চক এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ হৈ ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলনা বদৰুদ্দিন আজমল আৰু বিধায়ক হাফিজ বছিৰ কাছিমিয়ে পূৱ কলগাছিয়া, লাচাংগা আদি বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা দেখা যায়। প্ৰতিটো দলৰে নেতা সকলে নিজৰ নিজৰ প্ৰাৰ্থীক জয় কৰাৰ স্বাৰ্থত জনীয়া সমষ্টিৰ উন্নয়ন, এন আৰ চি, ডি ভোট বেঁকী নদীৰ গৰাখহনীয়া আদিক মূল শ্লোগান হিচাপে লৈ ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। উল্লেখ্য যে জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ আৰু ইউ ডি এফৰ মাজত তুমুল প্ৰতিদ্বন্দীতা হ'ব যদি বিজেপি দলেও জনীয়া সমষ্টিত বিজেপিৰ ভেটি যথেষ্ঠ মজবুত কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে। শেষ হাঁহি কোনে মাৰিব সেয়া ২৪ অক্টোবৰৰ আবেলিহে গম পোৱা যাব।Conclusion:slug: as_jania_18oct_jania_election_vis4+byt3+pho1_story_asc10058

Byte: বিধান সভাৰ উপাধক্ষ্য আমিনুল ইছলাম লস্কৰ, যুৱ নেতা শ্বহিদুল ইছলাম ,অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম আহমেদ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.