ETV Bharat / state

মন্ত্ৰিত্বৰ প্ৰসংগ: আজমল জাকিৰ হুছেইন শিকদাৰৰ হাইকামাণ্ড নহয়

সৰুক্ষেত্ৰীত মঙলবাৰে এ আই ইউ ডি এফ দলৰ সভাপতি বদৰউদ্দিন আজমলৰ মন্তব্যক প্ৰত্যুত্তৰ কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ ৷ বদৰুদ্দিন আজমল জাকিৰ হুছেইন শিকদাৰৰ হাইকামাণ্ড নহয় বুলি কটাক্ষ শিকদাৰৰ ৷

jakir_hussain_sikdar_reaction_on_ajmal_speech
মন্ত্ৰিত্বৰ প্ৰসংগ
author img

By

Published : Mar 30, 2021, 10:44 PM IST

বৰপেটা,30 মাৰ্চ : সৰুক্ষেত্ৰী সমষ্টিৰ মাজদিয়াত এ আই ইউ ডি এফ দলৰ সভাপতি বদৰউদ্দিন আজমলক উভতি ধৰে কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে । উল্লেখ্য যে, সোমবাৰে এক নিৰ্বাচনী সভাত আজমল থকালৈকে জাকিৰ হুছেইন শিকদাৰ মন্ত্ৰী হ’ব নোৱাৰে বুলি মন্তব্য কৰিছিল এ আই ইউ ডি এফৰ মূৰব্বী বদৰুদ্দিন আজমলে ।

মন্ত্ৰিত্বৰ প্ৰসংগ

মঙলবাৰে ইয়াৰ প্ৰত্যুত্তৰত জাকিৰ হুছেইন শিকদাৰে কয় যে, বদৰুদ্দিন আজমল জাকিৰ হুছেইন শিকদাৰৰ হাইকামাণ্ড নহয় ৷ জাকিৰ হুছেইন শিকদাৰৰ হাইকামাণ্ড সৰুক্ষেত্ৰীৰ ৰাইজৰ লগতে ছোনিয়া গান্ধী, ৰাহুল গান্ধী, জিতেন্দ্ৰ সিং, ৰিপুন বৰা । প্ৰকাৰন্তৰে জাকিৰ হুছেইন শিকদাৰক বিধায়ক বুলি মানি লোৱা বদৰুদ্দিন আজমলক ধন্যবাদ জনাইছে জাকিৰ হুছেইন শিকদাৰে ।

আজমলৰ বিধায়ক পুত্ৰ আৰু জাকিৰ হুছেইন শিকদাৰৰ কামৰ তুলনা কৰি বক্তব্য প্ৰদান কৰিবলৈ আজমলক প্ৰত্যাহ্বান জনায় জাকিৰ হুছেইন শিকদাৰে । উত্তেজিত আৰু মিছা কথা নকৈ উন্নয়নৰ ৰাজনীতি কৰিবলৈ আজমলক পৰামৰ্শ দিয়ে শিকদাৰে ৷

তেওঁ কয় যে, ‘‘পূৰ্বৰ বিধায়কৰ তুলনাত যদি মই ভাল কাম কৰিছো, তেন্তে মোক ভোট দিব বুলি ৰাইজলৈ আহ্বান জনাইছো’’ । সৰুক্ষেত্ৰীৰ মাজদিয়া- গাদেশালী- মূলাঘাটাত এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে । উক্ত সভাত দক্ষিণ পূৱ সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাগৰাকী এ আই ইউ ডি এফ আৰু অগপৰ নেতা-কৰ্মী কংগ্ৰেছত যোগদান কৰে ।

লগতে পঢ়ক : নগাঁৱত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ বিশাল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.