জনীয়া, 9 নৱেম্বৰ: কলগাছিয়াত অবৈধ কাঠৰ লগতে কাঠ ফলা মেচিন জব্দ ৷ কলগাছিয়াৰ গুনিয়ালগুলিত বনবিভাগে চলোৱা অভিযানত গুনিয়ালগুৰি গাঁৱৰ পৰা এটা অবৈধ কাঠ ফলা মিলৰ উচ্চেদ কৰাৰ লগতে এটা মেচিন সহ লক্ষাধিক টকাৰ কাঠ জব্দ কৰা হয় ৷ ৰঙিয়া বন সংমণ্ডলৰ ডিএফঅ' ৰ তত্বাৱধানত আৰু উত্তৰ কামৰূপ বন সুৰক্ষা বাহিনীৰ সহযোগত চলা অভিযানত মেচিনৰ লগতে কাঠখিনি জব্দ কৰা হয় ৷

বৰ্তমানলৈকে এই অবৈধ মিলটোৰ গৰাকী জনৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰিব পৰা নাই যদিও অবৈধ কাঠ ফলা মিল আৰু কাঠ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ লগতে এনে অভিযান অব্যাহত থাকিব বুলি বন বিষয়াই জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:"পাকিস্তান জিন্দাবাদ" বিতৰ্কঃহিমন্তৰ বিৰুদ্ধে গোচৰ কংগ্ৰেছৰ