ETV Bharat / state

কলগাছিয়াত অনুজ্ঞাপত্ৰহীন ফাৰ্মাচী ছীল

author img

By

Published : Aug 18, 2021, 2:28 PM IST

মঙলবাৰে কলগাছিয়াত অনুজ্ঞাপত্ৰহীন ফাৰ্মাচী ছীল কৰিলে প্ৰশাসনে ৷ চক্ৰ বিষয়াৰ উপস্থিতিত ঔষধ পৰিদৰ্শকে ছীল কৰিলে বহুকেইখন ফাৰ্মাচী ৷

illigal-pharmacy-sealed
অনুজ্ঞা পত্ৰহীন ফাৰ্মাচী ছীল

জনীয়া, 18 আগষ্ট : কলগাছিয়াত মঙলবাৰে নথি-পত্ৰ নথকা আৰু পঞ্জীয়ন নকৰা ফাৰ্মাচী ছীল কৰিলে প্ৰশাসনে । কলগাছিয়াৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত ঔষধ পৰিদৰ্শকে ছীল কৰিলে কেইবাখনো ফাৰ্মাচী ৷ বাতৰি প্ৰস্তুত কৰা পৰ্যন্ত তিনিখনকৈ দোকান ছীল কৰে আৰু কলগাছিয়াৰ আন আন স্থানত থকা ফাৰ্মাচীসমূহত অভিযান চলোৱা বুলি জানিব পৰা গৈছে ।

অনুজ্ঞা পত্ৰহীন ফাৰ্মাচী ছীল

উল্লেখ্য যে, কলগাছিয়াত কাঠ ফুলাৰ দৰে গঢ়ি উঠিছে নথি-পত্ৰহীন অবৈধ ফাৰ্মাচী । নথি-পত্ৰহীন ফাৰ্মাচী ছীল কৰি দিয়াক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ কলগাছিয়াত ৷ ভুৱা অনুজ্ঞাপত্ৰক লৈ এতিয়া সতৰ্ক হৈছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসন ৷

ইয়াৰ পূৰ্বেও ঔষধ পৰিদৰ্শক উপস্থিত হৈ পঞ্জীয়ন নকৰাকৈ ফাৰ্মাচীৰ পৰা ঔষধ বিক্ৰী নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ কিন্তু পৰিদৰ্শকৰ নিৰ্দেশক কেৰেপ নকৰি একাংশ চলাই আহিছে ফাৰ্মাচীসমূহ ৷ যাৰ পৰিপ্ৰেক্ষিতত ‘Violation of Drugs and Cosmetics Act’ৰ অধীনত ফাৰ্মাচী কেইখন ছীল কৰিবলৈ বাধ্য হয় প্ৰশাসনে ৷

লগতে পঢ়ক : ৰাজহ ফাঁকিৰে চলি অহা পাৰ্কিং প্লেচ ছীল প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.