ETV Bharat / state

মহাত্মা যদি জাতিৰ পিতা মমতা জাতিৰ মাতা : ৰুনা লায়লা - ৰুনা লায়লা

এছাহক আলী দেৱানৰ সমৰ্থনত বাগোদীত অনুষ্ঠিত এখন নিৰ্বাচনী গণ সমাবেশত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক জাতিৰ পিতা মহত্মা গান্ধীৰ সৈতে ৰিজালে তৃণমূল নেত্ৰী ৰুনা লায়লাই ৷

মহাত্মা যদি জাতিৰ পিতা মমতা জাতিৰ মাতা : ৰুনা লায়লা
author img

By

Published : Apr 11, 2019, 3:07 PM IST

বৰপেটা , 11 এপ্ৰিল : " মহাত্মা যদি জাতিৰ পিতা , মমতা জাতিৰ মাতা " ৷ তৃণমূলৰ নেতৃ ৰুনা লায়লাই এই মন্তব্য প্ৰকাশ কৰে ৷ বৰপেটা লোকসভা সমষ্টিৰ তৃণমুল কংগ্ৰেছৰ প্ৰাৰ্থী এছাহক আলী দেৱানৰ সমৰ্থনত বুধবাৰে চেঙা সমষ্টিৰ বাগোদীত এখন বিশাল নিৰ্বাচনী গণ সমাবেশ আয়োজিত হয় ৷ এই নিৰ্বাচনী গণ সমাবেশত অংশগ্ৰহণ কৰি ৰুনা লায়লাই এই মন্তব্য প্ৰকাশ কৰে ৷

মহাত্মা যদি জাতিৰ পিতা মমতা জাতিৰ মাতা : ৰুনা লায়লা

চেঙা সমষ্টিৰ বাগোদীত আয়োজিত এই নিৰ্বাচনী গণ সমাবেশত তৃণমুল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ শান্তনু সেন, তৃণমুল নেত্ৰী ৰুনা লায়লা , প্ৰসিদ্ধ অভিনেতা সোহাম চক্ৰৱৰ্তী , ৰহিম নবী আৰু গোপীনাথ দাসকে ধৰি বহু বিশিষ্টি ব্যক্তিয়ে অংশগ্ৰহন কৰে ৷ এই সমাবেশত তৃণমুল কংগ্ৰেছৰ নেতাসকলে ভাষন প্ৰসংগত ৰাজ্যৰ বিজেপি আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে ৷ কংগ্ৰেছ আৰু বিজেপিয়ে অসমৰ সংখ্যালঘু ৰাইজৰ উন্নয়ন হোৱাতো নিবিচাৰে বুলিও উল্লেখ কৰে নেতাকেইজনে ৷ ইপিনে তৃণমূলৰ নেত্ৰী ৰুনা লায়লাই কংগ্ৰেছে দীৰ্ঘকাল শাসনত থাকি দূৰ্নীতিত নিমজ্জিত হোৱাৰ বাবেই বিজেপি শাসনলৈ অহাৰ সুযোগ পোৱা বুলি মন্তব্য কৰে ৷ লগতে বিজেপিয়ে উন্নয়নৰ পৰিৱৰ্তে জাতি ধৰ্মক লৈ মানুহৰ মাজত বিভেদ সৃষ্টি কৰিছে আৰু মমতা দিদিয়ে এই দুয়োটা দলৰ বিৰুদ্ধেই মূল্যবোধৰ ৰাজনীতি কৰি মানুহৰ জীয়াই থকাৰ অধিকাৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে তৃণমুল নেত্ৰী গৰাকীয়ে ৷ লগতে তেঁও কয় যে অসমৰ জনসাধাৰনে বিকল্প পথ বিচাৰিছে ৷ আনহাতে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গোপীনাথ দাসৰ মতে এইবাৰ কেন্দ্ৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত মমতা বেনাৰ্জী কিংমেকাৰৰ ভূমিকাত অৱতীৰ্ণ হোৱাই নহয়, মমতা দিদি দেশৰ প্ৰধানমন্ত্ৰীৰ আসনতো অধিষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ তদুপৰি বিজেপি পুনৰ শাসনলৈ অহাৰ সম্ভাৱনা নথকাৰ কথা উল্লেখ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ ৰাইজ চিন্তিত হোৱাৰ কাৰণ নাই বুলিও মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷

Slug:   A_BAR_11APR_804TO806_BARPETA_TRINAMUL_CONGRESS_CAMPAIGN_VIS+BITE_BAPKAN_DAS                      

 বৰপেটাৰ বাগোদীত তৃণমুল কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সমাবেশঃ 
মহাত্মা যদি জাতিৰ পিতা,  মমতা জাতিৰ মাতাঃ ৰুনা লায়লা ৷
মমতা এইবাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ আসনতো অধিষ্ঠিত হব পাৰেঃ গোপীনাথ দাস ৷

বৰপেটা, ১১ এপ্ৰিলঃ বৰপেটা লোকসভা সমষ্টিৰ তৃণমুল কংগ্ৰেছৰ প্ৰাৰ্থী এছাহক আলী দেৱানৰ সমৰ্থনত বুধবাৰে চেঙা সমষ্টিৰ বাগোদীত এখন বিশাল নিৰ্বাচনী গণ সমাবেশ অায়োজিত হয় ৷ তৃণমুল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ শান্তনু সেন, তৃনমুল নেত্ৰী ৰুনা লায়লা, প্ৰসিদ্ধ অভিনেতা সোহাম চক্ৰৱৰ্তী, ৰহিম নবী, গোপীনাথ দাস আদিয়ে অংশগ্ৰহন কৰে ৷ তৃণমুল কংগ্ৰেছৰ নেতাসকলে  ভাষন প্ৰসংগত ৰাজ্যৰ বিজেপি আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে ৷ কংগ্ৰেছ আৰু বিজেপিয়ে অসমৰ সংখ্যালঘু ৰাইজৰ উন্নয়ন হোৱাতো নিবিচাৰে বুলিও উল্লেখ কৰে নেতাকেইজনে ৷ 
ইপিনে,জাতিৰ পিতা মহত্মা গান্ধীৰ সৈতে ৰিজালে তৃনমূল নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৷ তৃণমূলৰ নেতৃ ৰুনা লায়লাই সাংবাদিকৰ আগত কলে- মহাত্মা যিদৰে জাতিৰ পিতা, সেইদৰে মমতা বেনাৰ্জী জাতিৰ মাতা ৷ কংগ্ৰেছে দীৰ্ঘকাল শাসনত থাকি দূৰ্নীতিত নিমজ্জিত হোৱাৰ বাবেই বিজেপি শাসনলৈ অহাৰ সুযোগ পোৱা বুলিও মন্তব্য কৰে ৷ বিজেপিয়ে উন্নয়নৰ পৰিৱৰ্তে জীতি ধৰ্মক লৈ মানুহৰ মাজত বিভেদ সৃষ্টি কৰিছে আৰু মমতা দিদিয়ে এই দুয়োটা দলৰ বিৰুদ্ধেই মূল্যবোধৰ ৰাজনীতি কৰি মানুহৰ জীয়াই থকাৰ অধিকাৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছে ৷ অসমৰ জনসাধাৰনে বিকল্প পথ বিচৰা বুলিও তেও মন্তব্য কৰে ৷
বাইটঃ ৰুনা লায়লা তৃনমূল নেত্ৰী ৷

তৃনমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গোপীনাথ দাসৰ মতে এইবাৰ কেন্দ্ৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত মমতা বেনাৰ্জী কিংমেকাৰৰ ভূমিকাত অৱতীৰ্ণ হোৱাই নহয়, মমতা দিদি দেশৰ প্ৰধানমন্ত্ৰীৰ আসনতো অধিষ্ঠিত হৈ যাব পাৰে ৷ বিজেপি পুনৰ শাসনলৈ অহাৰ সম্ভাৱনা নথকাৰ কথা উল্লেখ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ ৰাইজ চিন্তিত হোৱাৰ কাৰন নাই বুলিও মন্তব্য কৰে ৷

বাইটঃ গোপীনাথ দাস, সভাপতি, অসম প্ৰদেশ তৃনমূল ৷
--- বাপকন দাস, বৰপেটা 
 ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.