বৰপেটা, 19 ছেপ্টেম্বৰ : গৰিয়া-মৰিয়া দেশী লোকসকলক জনগোষ্ঠীয় পৰিচয় প্ৰদানৰ দাবীত শনিবাৰে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইয়াৰে অংশ হিচাপে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷

গৰিয়া-মৰিয়া দেশীলোকসকলে পূৰ্বৰে পৰা বহন কৰি থকা জনগোষ্ঠীয় পৰিচয় প্ৰদানৰ বাবে চৰকাৰক দাবী জনায় ৷ তেওঁলোকে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে মুছলমানৰ সলনি গৰিয়া-মৰিয়া হিচাপেহে পৰিচয়ৰ দাবী উত্থাপন কৰে ৷
উল্লেখ্য যে, ৰাজ্য চৰকাৰে শেহতীয়াভাৱে ৰাজ্যৰ গৰিয়া-মৰিয়া আৰু দেশী লোকসকলক অসমীয়া মুছলমান তথা খিলঞ্জীয়া মুছলমান হিচাপে নামাকৰণ কৰিব বিচাৰিছিল ৷ তাৰ বিপৰীতে গৰিয়া-মৰিয়া আৰু দেশী হিচাপেহে নামকৰণ কৰাৰ দাবী তোলে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে ৷

পৰিষদে "আমাৰ অধিকাৰ, আমাক লাগিবই" শ্ল’গানেৰে বৰপেটা চহৰৰ ভিআইপি চ'ক উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে ৷
লগতে পঢ়ক : ৰাজ্যসভাৰ নিৰ্বাচন: ২১ ছেপ্টেম্বৰত মনোনয়ন দাখিল কৰিব সোণোৱালে