ETV Bharat / state

সত্ৰনগৰীত পূৰ্ণগতিত চলিছে হোলী মহোৎসৱৰ প্ৰস্তুতি

author img

By

Published : Mar 18, 2019, 5:17 PM IST

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত ২০ মাৰ্চ পৰা আৰম্ভ হব শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ

বৰপেটা হোলী মহোৎসৱ

বৰপেটা, ১৮ মাৰ্চঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত সংগী, প্ৰিয় শিষ্য শ্ৰীশ্ৰী মাধৱদেৱে স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত এতিয়া চলিছে ব্যাপক ব্যস্ততা ৷ অহা ২০ মাৰ্চ পৰা আৰম্ভ হ'বলগীয়া শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱক লৈ এতিয়া সত্ৰত এইদৰে ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে ৷

উল্লেখ্য শ্ৰীকৃষ্ণৰ দৌলযাত্ৰাৰ লগত সংগতি ৰাখি বৰপেটাত আয়োজন কৰা হোলী মহোৎসৱৰ দেশৰ ভিতৰতে এক সুনাম আছে ৷ মহোৎসৱৰ সময়ত ৰাজ্যৰ লগতে বাহিৰৰ পৰাও একাংশ ভক্তই আহি ভিৰ কৰেহি নামনি অসমৰ জনপ্ৰিয় তথা মুখ্য ব্যৱসায়িক চহৰ বৰপেটাত ৷ বৰপেটা সত্ৰই আয়োজন কৰা দৌল মহোৎসৱ এইবেলি তিনিদিনীয়াকৈ অনু্ষ্ঠিত হ'ব বুলি জনাইছে সত্ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক মহানন্দ পাঠকে ৷

বৰপেটা হোলী মহোৎসৱ

অহা ২০ মাৰ্চ পৰা আৰম্ভ হ'বলগীয়া শ্ৰীকৃষ্ণৰ দৌলযাত্ৰাক লৈ এতিয়া ব্যস্ত হৈ পৰিছে সত্ৰ পৰিচালনা সমিতি ৷ এইবেলি ২০ মাৰ্চত গোন্ধযাত্ৰা, ২১ মাৰ্চত ভৰ দৌল আৰু ২২ মাৰ্চত সুৱেৰী অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰিছে সত্ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক মহানন্দ পাঠকে ।

দৌল মহোৎসৱ সুশৃংখলিতভাৱে পৰিচালনাৰ বাবে সেৱাদল গঠন কৰাৰ লগতে, দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত দৰ্শনাৰ্থীসকলৰ থকা আৰু খোৱা মেলাৰ বাবে অতিথি ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে ৷ উল্লেখ্য যে, বৰপেটাৰ হোলীত সুৱেৰীৰ দিনটোতে প্ৰাণ পাই উঠে সমগ্ৰ চহৰখন । সেইদিনটোতে হোলীগীত আৰু আবিৰৰ ৰঙেৰে উন্মনা হৈ পৰে সত্ৰনগৰী বৰপেটা । ইয়াকে লৈ সৰুৰ পৰা বৰজনালৈকে বৰ্তমান ব্যস্ত হৈ পৰিছে হোলীগীতৰ আখৰাত । বৰপেটাৰ প্ৰাণৰ উছৱ হোলীক আদৰনি জনাবলৈ সত্ৰৰ যুৱক যুৱতীৰ পৰা ডেকা, বুঢ়া সকলোৱে সত্ৰাধিকাৰ তথা জ্যেষ্ঠ আৰু অভিজ্ঞসকলৰ তত্বাৱধানত হোলীগীতৰ আখৰা আৰম্ভ কৰিছে । বৰ্তমানে হোলীগীতৰ সুৰত ন-ৰূপে প্ৰাণ পাই উঠিছে সত্ৰনগৰী বৰপেটা চহৰ ।

Slug:   A_BAR_18MARCH_801TO803_DOUL_PRASTUTI_VIS+BITE_BAPKAN_DAS                         

 শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ সমাগতঃ বৰপেটা সত্ৰত দৌল মহোৎসৱৰ প্ৰস্তুতি ৷

বৰপেটা,  ১৮ মাৰ্চঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত সংগী, প্ৰিয় শিষ্য মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত  ২০ জুনৰ পৰা আৰম্ভ হব শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷ সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে এইবেলি তিনিদিনীয়াকৈ অনুষ্ঠিত হব বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱ ৷ দৌল মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰ পৰিচালনা  সমিতিয়ে সকলো ধৰনৰ প্ৰস্তুতি চলাই আছে ৷ সত্ৰৰ কীৰ্তনঘৰৰ লগতে দৌল মন্দিৰ আৰু সত্ৰ চৌহদ চাফ চিকুন কৰাৰ কামত ব্যস্ত সত্ৰ পৰিচালনা সমিতি ৷ দৌল মহোৎসৱ সুশৃংখলিতভাৱে পৰিচালনাৰ বাবে সেৱাদল গঠন কৰাৰ লগতে, দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত দৰ্শনাৰ্থীসকলৰ থকা আৰু খোৱা মেলাৰ বাবে অতিথি ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে ৷ এইবেলি, ২০ মাৰ্চত গোন্ধযাত্ৰা, ২১ মাৰ্চত ভৰ দৌল আৰু ২২ মাৰ্চত সুৱেৰী অনুষ্ঠিত হব ৷ সুৱেৰীৰ দিনটোত হোলীগীত আৰু আবিৰৰ ৰঙেৰে উন্মনা হৈ পৰিব সত্ৰনগৰী বৰপেটা ৷ ইতিমধ্যে বৰপেটা সত্ৰত হোলীগীতৰ আখৰা আৰম্ভ হৈছে ৷ বৰপেটাৰ প্ৰাণৰ উছৱ হোলীক আদৰাৰ বাবে বৰপেটা সত্ৰৰ যুৱক যুৱতীৰ পৰা ডেকা, বুঢ়া সকলো সাজু হৈ উঠাৰ লগতে হোলীগীতৰ সুৰত প্ৰাণ পাই উঠিছে সত্ৰনগৰী বৰপেটা ৷ 

বাইটঃ মহানন্দ পাঠক, সত্ৰৰ প্ৰাক্তন সম্পাদক ৷                                                               
 --- বাপকন দাস, বৰপেটা                                                             
  ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.