ETV Bharat / state

অবহেলিত হৈ চকুলো টুকিছে আহোম ৰাজত্বৰ সূৰ্যাস্তৰ সাক্ষী হাদিৰাচকীয়ে

author img

By

Published : Jun 9, 2022, 9:49 PM IST

হাদিৰাচকী আছিল আহোম ৰাজ্যৰ পশ্চিমৰ শেষ সীমা ৷ আহোম ৰাজত্বৰ সূৰ্যাস্তৰ সাক্ষী হাদিৰাচকী ৷ য’ত হৈছিল মান আৰু আহোমৰ অন্তিমখন ৰণ (Last war of Ahom kingdom) ৷ ফুলৰা-চতলা পাহাৰে আজিও বহন কৰে আহোম ৰাজত্বৰ ইতিহাস ৷ পৰাধীনতাৰ ২০০ বছৰ সাক্ষী এই হাদিৰাচকী ৷ জানো আহক হাদিৰাচকীৰ ইতিহাস...

hadira chowki witnessed the sunset of the ahom empire

বৰপেটা, 9 জুন: বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামুৰীয়া এক অঞ্চল হৈছে হাদিৰা ৷ এই হাদিৰাতে আছিল আহোম সেনাৰ এক চকী (History of Hadira chowki) ৷ হাদিৰাৰ দুই বাহু সদৃশ ফুলৰা আৰু চতলা পাহাৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল আহোম সেনাৰ চকী ৷ আহোমৰ এই চকীৰ বাবেই কালক্ৰমত হাদিৰা পৰিচিত হৈ পৰিছিল হাদিৰাচকী হিচাপে ৷ হাদিৰাচকী আছিল আহোম ৰাজ্যৰ পশ্চিমৰ শেষ সীমা ৷ পিছে আহোম ৰাজত্বৰ সীমা হিচাপে চিহ্নিত হাদিৰা আজি বিস্মৃত ৷ অসমৰ স্বাধীনতা আৰু আহোম ৰাজত্বৰ পতনৰ শেষ সাক্ষী হাদিৰাই আজি চকুলো টুকিছে অনাদৰ আৰু অবহেলাৰ কৰুণ সাক্ষী হৈ ৷

১৮২২ চনত আহোম আৰু মানৰ মাজৰ শেষ যুদ্ধ হৈছিল এই হাদিৰাচকীতে (Last war of Ahom kingdom)৷ ১৮২২ চনৰ ২১ জুন তাৰিখে অসমৰ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই স্বাধীন অসমৰ শেষ ৰণখনত নিজে অংশগ্ৰহণ কৰি তুমুল ৰণ দিয়াৰ পিছতো অসমৰ স্বাধীনতা ৰক্ষা কৰিব পৰা নাছিল । মহাৰাজা ৰণজিৎ সিংহই পঠোৱা শিখ সৈনিকসকলেও অসমীয়া সেনাৰ সৈতে যুঁজিও মানক পৰাজিত কৰিবলৈ সক্ষম নহ'ল ৷ ফলশ্ৰুতিত মানসৈন্যৰ হাতত পৰাজিত হৈছিল স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ । বহু অসমীয়া আৰু আহোম স্বৰ্গদেউৰ হকে যুঁজা শিখ সৈনিকৰ বলিদানৰ সাক্ষী হাদিৰাচকী আজি ব্ৰহ্মপুত্ৰৰ অটল গৰ্ভত ৷

পৰাধীনতাৰ ২০০ বছৰ সাক্ষী এই হাদিৰাচকী

অসমৰ স্বাধীনতা লুপ্ত হৈছিল এই হাদিৰাচকীতে । ১৮২২ চনৰ ২১ জুনৰ পৰাই আমি পৰাধীন হৈ পৰিলোঁ ৷ অসমৰ স্বাধীনতা লুপ্ত হোৱাৰ ২০০ বছৰ হ’বলৈ আৰু মাজত কেইটামান দিন ৷ পৰৱৰ্তী সময়ত ১৮২৬ চনত বৃটিছে ইয়াণ্ডাবু সন্ধিৰে মান সকলক খেদি অসমক ভাৰতৰ লগত চামিল কৰি শাসন কৰিবলৈ লয় ইংৰাজে ৷

অসমৰ স্বাধীনতাৰ বাবে অসমৰ ৰজাই য’ত অন্তিম ৰণখনত অংশগ্ৰহণ কৰিছিল, সেই স্থানত বা আশে-পাশে নাই কোনো স্মাৰক, কোনো চিহ্ন ৷ স্বাধীনতা ৰক্ষাৰ হেতুকে মানসৈন্যৰ বিৰুদ্ধে তয়াময়া যুঁজ দি স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই পৰাজয় বৰণ কৰিছিল । স্থানীয় লোকৰ মতে, অসমৰ কোনো জাতীয় সংগঠন, কোনো চৰকাৰে হাদিৰাচকীৰ বাবে আজিলৈ একোকেই কৰা নাই ৷

মাত্ৰ ২০০ বছৰ আগৰ কথা ৷ আহোমৰ দিনত বংগদেশ আৰু অসমৰ মাজত যি ব্যৱসায় আৰু আমদানি-ৰপ্তানি হৈছিল, সেই সকলোবিলাক বৰপেটা জিলাৰ অন্তৰ্গত হাদিৰাচকীত নিৰ্দিষ্ট অসমীয়া কৰ্মচাৰীৰ দ্বাৰা পৰীক্ষিত হৈছিল ৷ নিৰিখ মতে সেইবোৰ বস্তুৰপৰা মাচুল আদায় কৰা হৈছিল । হাদিৰাচকী আছিল এখন স্বাধীন দেশৰ নঙলামুখ ৷ হাদিৰাচকী আজি বিস্মৃতিৰ অটল গহ্বৰত ৷ প্ৰকৃতিৰ নৈসৰ্গিক পৰিবেশৰ ব্ৰহ্মপুৰ নৈৰ মাজত অৱস্থিত হাদিৰাচকীৰ ফুলৰা আৰু চতলা পাহাৰ দুখন ৷ য’ত পৰ্যটন স্থলী হিচাপে গঢ়ি উঠাৰ আছে যথেষ্ঠ থল ৷

কিন্ত কোনো এখন চৰকাৰে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ স্মৃতি বিজৰিত হাদিৰাচকী বা ফুলৰা আৰু চতলা পাহাৰ দুখনক লৈ প্ৰদান কৰা নাই গুৰুত্ব ৷ স্মৃতি বিজৰিত তথা ব্ৰহ্মপুত্ৰ, বেকী আৰু মানাহ তিনিখন নৈ একেলগে বৈ যোৱা নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশেৰে ভৰপুৰ ফুলৰা-চতলা পাহাৰক লৈ চৰকাৰে পৰ্যটন ক্ষেত্ৰ গঢ়ি তুলিলে হাদিৰাৰ ইতিহাসেও পাব ন-ৰূপ ৷ এই ক্ষেত্ৰত প্ৰয়োজন মাথো চৰকাৰ আৰু পৰ্যটন বিভাগৰ সু-দৃষ্টিৰ ৷

লগতে পঢ়ক : নতুন ৰূপত মন্ত্ৰীসভাঃ কোনে পালে কি দপ্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.