ETV Bharat / state

ৰাজ্যৰ জিম সমূহ পুনৰ আৰম্ভ কৰাৰ আহ্বান চৰকাৰক - বৰপেটাত জিম মালিকৰ সংবাদমেল

বিগত আঢ়ৈ মাহ ধৰি ব্য়াপক ক্ষতিৰ সম্নুখীন হৈছে ৰাজ্যৰ জিমনেছিয়াম সমূহৰ লগত জড়িত ৰাজ্যৰ 50 হাজাৰ প্ৰশিক্ষক তথা গৰাকীসকল ৷ ৰাজ্যৰ ক্ৰীড়া জগতৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণৰ আহ্বান চৰকাৰক ৷

gym owners press meet in barpeta
ৰাজ্যৰ জিম সমূহ পুনৰ আৰম্ভ কৰাৰ অনুমতি বিচাৰি বৰপেটাত সংবাদমেল
author img

By

Published : Jun 3, 2020, 4:51 PM IST

বৰপেটা, ৩ জুনঃ কৰ’ণা মহামাৰীয়ে কঢ়িয়াই অনা আতংক আৰু লক ডাউনৰ ফলত আন প্ৰতিষ্ঠান সমূহৰ লগতে বিগত প্ৰায় আঢ়ৈ মাহ ধৰি বন্ধ হৈ আছে ৰাজ্যৰ সকলোবোৰ জিমনেচিয়াম চেন্টাৰ ৷ জীম সমুহ বন্ধ হৈ থকাৰ ফলত আৰ্থিক সংকটত ভুগিছে ৰাজ্যৰ প্ৰায় 50 হাজাৰ প্ৰশিক্ষক সকলৰ লগতে জিম সমূহৰ স্বত্তাধিকাৰসকল ৷ বিশেষকৈ বেংকৰ পৰা ঋণ লৈ বহু শিক্ষিত যুৱকে আৰম্ভ কৰা জীম ব্যৱসায় সন্মুখীন হৈছে ব্যাপক ক্ষতিৰ ৷ সেয়েহে সাৱধানতা অৱলম্বন কৰি তথা নীতি-নিৰ্দেশনা পালন কৰি জিমসমুহ খোলাৰ অনুমতি বিচাৰি চৰকাৰক অনুৰোধ জনাই বুধবাৰে প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে বৰপেটাৰ একাংশ শৰীৰচৰ্চাবিদ আৰু জিমৰ গৰাকী আৰু প্ৰশিক্ষকসকলে ৷

8 জুনৰ পৰা জিম সমূহ খোলাৰ দাবী

সংবাদমেলত জিমৰ গৰাকী আৰু প্ৰশিক্ষক সকলৰ স্পষ্ট দাবী,বিগত প্ৰায় আঢ়ৈ মাহ ধৰি ব্যাপক ক্ষতিৰ সন্মুখীন হোৱা জিম সমূহক এই সংকটৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত জিমসমুহ ৮ জুনৰ পৰা খোলাৰ অনুমতি প্ৰদান কৰক চৰকাৰে ৷ চৰকাৰে এফালে ফিট ইণ্ডিয়া মুভমেন্টৰ কথা আওৰাইছে আৰু আনফালে বৰ্তমানলৈকে শৰীৰ চৰ্চাৰ কেন্দ্ৰসমুহ বন্ধ কৰি ৰাখিছে বুলিও সংবাদমেলত অভিযোগ উত্থাপন কৰে জিমৰ গৰাকী আৰু প্ৰশিক্ষক সকলে ৷ লগতে সংবাদমেলৰ জৰিয়তে প্ৰশিক্ষক সকলে মন্তব্য কৰে যে,শৰীৰচৰ্চাৰ জৰিয়তে একোজন ব্যক্তিয়ে সুস্বাস্থ্যৰ গৰাকী হোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰিব পাৰে ৷ আনহাতে জিমসমুহ বন্ধ হৈ পৰাৰ ফলত বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া শৰীৰচৰ্চাবিদ সকলো বঞ্চিত হৈ আছে অনুশীলনৰ পৰা ৷ এই সমূহ বিষয়লৈ দৃষ্টি নিক্ষেপ কৰি লগতে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰক কৰ’ণা ফলত পৰা প্ৰভাৱৰ পৰা মুক্ত কৰিবলৈ অতি শীঘ্ৰে এটা সিদ্ধান্ত ল’বলৈ চৰকাৰক অনুৰোধ জনায় জিমৰ প্ৰশিক্ষক সকলে ৷

অনুশীলনৰ পৰা বঞ্চিত হৈছে শৰীৰচৰ্চাবিদসকল

লগতে পঢ়কঃ ৰাজ্যত COVID-19 ত আক্ৰান্তৰ সংখ্যা 1561লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.