ETV Bharat / state

Love Jihad in Assam: কেমেৰাৰ আগত লাভ জেহাদৰ বলি হোৱাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি যুৱতীৰ

author img

By

Published : Mar 17, 2023, 11:05 PM IST

অন কেমেৰা লাভ জেহাদৰ বলি হোৱাৰ কথা ফাদিল কৰিলে এগৰাকী যুৱতীয়ে ৷ চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে হিন্দু যুৱতীক লাভ জেহাদৰ জালত পেলোৱাৰ ভয়ংকৰ অভিযোগ ৷ নাম সাঙোৰ খাইছে বিজেপি নেতাৰো (Assam love jihad news) ৷

Love Jihad in Barpeta
Barpeta Love Jihad news Update
লাভ জেহাদৰ বলি হোৱাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি যুৱতীৰ

বৰপেটা ১৭ মাৰ্চ: বৰপেটাৰ লাভ জেহাদ প্ৰসংগত প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখলৈ আহিল ভুক্তভোগী যুৱতী । কেইমাহমান পূৰ্বে লাভ জেহাদৰ বলি হৈছিল বৰপেটাৰ এইগৰাকী যুৱতী৷ সম্প্ৰতি পূৰ্বৰ ভয়াৱহ অভিজ্ঞতাক লৈ শুকুৰবাৰে কেমেৰাৰ আগলৈ ওলাই আহিল যুৱতীগৰাকী৷ বৰপেটাৰ বাঘবৰৰ মন্দিয়াৰ ৰিতুল হুছেইন নামৰ এজন যুৱকে অপহৰণ কৰি নিছিল বৰপেটাৰ যুৱতীকগৰাকীক ৷ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ ঘনিষ্ঠ বন্ধু আছিল ৰিতুল হুছেইন ৷ বিধায়ক আশ্ৰাফুল হুছেইনক লাভ জেহাদৰ মাষ্টাৰ মাইণ্ড বুলি অভিযোগ তুলিলে লাভ জেহাদৰ বলি ভুক্তভোগী যুৱতীগৰাকীয়ে (Barpeta Love Jihad news Update) ।

পূৰ্বতে যুৱতীগৰাকীৰ পিতৃয়ে বিধায়ক আশ্ৰাফুল হুছেইনক লাভ জেহাদৰ দৰে কাৰ্যত জড়িত থকা বুলি উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ । আশ্ৰাফুল হুছেইনৰ ঘনিষ্ঠ বন্ধু ৰিতুল হুছেইনে কিদৰে লাভ জেহাদৰ বলি কৰিছিল কন্যাক আৰু আশ্ৰাফুলে ৰিতুলক কিদৰে সহায় কৰিছিল এই সমগ্ৰ বিষয় লৈ সংবাদ মাধ্যমৰ আগত সৰৱ হৈছিল পিতৃ (Hindu girl became love Jihad victim in Barpeta) ।

লগতে পঢ়ক: HSLC exam paper leaked: কি দৰে আৰক্ষীয়ে চলাইছিল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত ?

সমগ্ৰ ৰাজ্যজুৰি বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰাৰ লগতে ৰাজ্যৰ ৰাজনৈতিক মহলতো সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ । দিছপুৰ আৰক্ষীয়েও বিষয়টোত বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছিল । ৰিতুল হুছেইন আৰু বিধায়ক আশ্ৰাফুল হুছেইনে দাবী কৰিছিল যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে ৰিতুলৰ । পিচে শুকুৰবাৰে পোন প্ৰথমবাৰৰ বাবে যুৱতীগৰাকীয়ে বৰপেটাত এখন সংবাদমেলত প্ৰকাশ কৰিলে তেওঁ কিদৰে এটা লাভ জেহাদ চক্ৰৰ বলি হ’বলগীয়া হৈছিল ৷ গোপনীয়তাৰ খাতিৰত আমি তেওঁৰ নাম আৰু ছবি প্ৰকাশৰ পৰা বিৰত আছোঁ (Allegation of love jihad against Assam MLA) ৷

যুৱতীগৰাকীয়ে কয়, ‘‘ৰিতুলৰ সৈতে মোৰ কোনো প্ৰেমৰ সম্পৰ্ক নাছিল । সেয়া লাভ জেহাদ । মোক কিডনেপ কৰি নিছিল ৰিতুল হুছেইনে । বিধায়ক আশ্ৰাফুল হুছেইন গোটেই ঘটনাৰ মূল মাষ্টাৰমাইণ্ড । মোক আশ্ৰাফুল হুছেইনৰ MLA হোষ্টেলত নি বিভিন্ন হেঁচা দিয়া হৈছিল । মোক লগৰ বান্ধৱীকো মুছলমান যুৱকৰ সৈতে বিয়া কৰাই দিবলৈ কৈছিল । মই কৈছিলো মোৰ বান্ধৱী এগৰাকী আছে । তাইৰ দেউতাক এচ পি । মই ক'ব নোৱাৰো । তেতিয়া আশ্ৰাফুলে কৈছিল তেওঁ বাহিৰতহে এচ পি । আমাৰ আগত একো নহয় ।’’ (Assam MLA love jihad case) ৷

লগতে পঢ়ক: HSLC exam paper leak: শিক্ষকৰ ওপৰত দোষৰ ভাৰ জাপি ছেবাক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা ডাইনেমিক মুখ্যমন্ত্ৰীৰ

বৰপেটাৰ ভুক্তভোগী যুৱতীগৰাকীয়ে আৰু কয়, ‘‘আশ্ৰাফুলৰ MLA হোষ্টেলত দুদিন ৰখাৰ পিচত তৃতীয় দিনা জিতু তালুকদাৰ নামৰ বিজেপি নেতা এজনে বিধায়ক আশ্ৰাফুলক ফোন কৰি মোক তাৰ পৰা আঁতৰাই পঠাবলৈ কৈছিল । আশ্ৰাফুলহঁতে আলোচনা কৰা মই শুনিছিলো ৷ জিতু তালুকদাৰে প্ৰায় ৮ বাৰ ফোন কৰিছিল আশ্ৰাফুল হুছেইনক । ফোনত কৈছিল ছোৱালীজনীৰ দেউতাকে তাই MLA হোষ্টেলত থকাৰ সন্দেহ কৰিছে । আশ্ৰাফুলে ৰিতুলক কৈছিল তহঁতে ইয়াৰ পৰা যাব লাগিব । মই ৰিতুলক জিতু তালুকদাৰ কোন বুলি সোধাত ৰিতুলে কৈছিল বিজেপিৰ লিডাৰ বুলি ।’’ (MLA Ashraful Hussain love jihad news)

‘‘আশ্ৰাফুলে ডিমাপুৰলৈ যোৱা ট্ৰেইনৰ টিকট কাটি দিছিল । ৰাতি আশ্ৰাফুলে নিজৰ গাড়ীৰে বিধান সভাৰ চৌহদৰ বাহিৰলৈ লৈ আহিছিল । তাৰ পৰা কেবেৰে পল্টন বজাৰলৈ পঠাই দিছিল । মোক ডিমাপুৰত ২০ দিন মান ৰাখি থৈছিল । তাত মোক জোৰকৈ দেউতা-মাৰ বিষয়ে বেয়া বেয়াকৈ কৈ ভিডিঅ' বনাবলৈ বাধ্য কৰিছিল ৰিতুলে । ভিডিঅ' বনাওতে ৬-৭ বাৰ ৰিটেক হৈছিল । ভালকৈ ভিডিঅ' কৰিব নোৱাৰা বাবে মোক মাৰ-পিটো কৰিছিল । আনকি নৈত গটিয়াই মাৰি পেলাবও বিচাৰিছিল ৷’’ যুৱতীগৰাকীয়ে কয় (Love jihad victim girl confession) ৷

ৰিতুল হুছেইনে যুৱতীগৰাকীৰ ভিডিঅ’ ভাইৰেল কৰি মানসিকভাৱে হাৰাশাস্তি চলাই থকাৰ অভিযোগো উত্থাপিত হৈছে ৷ এতিয়া খোদ যুৱতীগৰাকীয়ে নিজে অন কেমেৰা দাবী কৰিছে লাভ জেহাদৰ বলি হোৱা বুলি । ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোৱে পৰৱৰ্তী সময়ত কি গতি লয় সেয়া হ'ব লক্ষণীয় (Assam love jihad news)।

লগতে পঢ়ক: Assam budget Controversy: অসম বাজেটত GSDP ক লৈ ভুল তথ্য মন্ত্ৰী অজন্তাৰ !

ইপিনে লাভ জেহাদৰ বলি যুৱতীগৰাকীৰ পিতৃয়েও অতি পৰিকল্পিতভাৱে হিন্দু যুৱতীক লাভ জেহাদৰ বলি কৰোৱা হয় বুলি অভিযোগ তুলিছে ৷ মুছলমান বন্ধু-বান্ধৱীসকলেই তেওঁৰ কন্যাক লাভ জেহাদৰ চিকাৰ কৰিছিল বুলি মন্তব্য কৰে যুৱতীগৰাকীৰ পিতৃয়ে ৷ আনহাতে বিজেপি নেতা জিতু তালুকদাৰে লাভ জেহাদীক সহায় কৰা আৰু বিধায়ক আশ্ৰাফুলক বচাবলৈ কৰা চেষ্টাক লৈয়ো দুখ প্ৰকাশ কৰে লোকজনে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.