ETV Bharat / state

পাঠশালাৰ এক্সিছ বেংকত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Apr 14, 2021, 5:30 PM IST

বিহুৰ আনন্দ-উল্লাসৰ মাজতে পাঠশালাৰ এক্সিছ বেংকত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডটোত বেংকৰ নথিপত্ৰৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷

fire-incident-in-pathsala-axis-bank
বিহুৰ আনন্দৰ মাজতে পাঠশালা এক্সিচ বেংকত ভয়ংকৰ অগ্নিকাণ্ড

পাঠশালা,14 এপ্ৰিল: বিহুৰ আনন্দৰ মাজতে পাঠশালা এক্সিছ বেংকত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ বুধবাৰে পুৱা 10.30 বজাত বেংকৰ সমীপৰ দোকানীসকলে বেংকৰ ভিতৰৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷

পাঠশালাৰ এক্সিচ বেংকত ভয়ংকৰ অগ্নিকাণ্ড

এই অগ্নিকাণ্ডত বেংকৰ নথিপত্ৰৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও শ্ব’ৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক: ঢোলৰ চাপৰত কঁকাল ভাঙিলে কাজিৰঙাৰ বন কৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.