ETV Bharat / state

বৰপেটাৰ আতচবাজী উদ্যোগত অগ্নিকাণ্ড, আহত শিশুসহ 12 জন - বৰপেটাৰ আতচবাজী উদ্যোগত অগ্নিকাণ্ড

সোমবাৰে বৰপেটাৰ দীপ পাঠক আতচবাজী উদ্যোগত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ আতচবাজী প্ৰস্তুত কৰি থকা সময়তেই সংঘটিত হয় অগ্নিকাণ্ডটো ৷ অগ্নিকাণ্ডটোৰ ফলত দুই কিশোৰ মহিলা সহ 12 জন শ্ৰমিক আঘাত প্ৰাপ্ত ৷

বৰপেটাৰ আতচবাজী উদ্যোগত অগ্নিকাণ্ড
author img

By

Published : Oct 21, 2019, 9:17 PM IST

বৰপেটা, 21 অক্টোবৰঃ সোমবাৰে বৰপেটাৰ আতচবাজী উদ্যোগত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড ৷ আতচবাজী প্ৰস্তুত কৰি থকা সময়তেই দীপ পাঠকৰ আতচবাজী উদ্যোগত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডটোৰ ফলত দুই কিশোৰ মহিলা সহ 12 জন শ্ৰমিক আঘাত প্ৰাপ্ত ৷ ইয়াৰে এটি কিশোৰ সহ ছয়গৰাকী মহিলা গুৰুতৰভাৱে আহত ৷

বৰপেটাৰ আতচবাজী উদ্যোগত অগ্নিকাণ্ড

প্ৰাপ্ত তথ্য অনুসৰি, সমাগত দীপাৱলীক উপলক্ষে দীপ পাঠকৰ ঘৰৰ পাচফালে ক্ষীপ্ৰ গতিত চলিছিল আতচবাজী প্ৰস্তুতৰ কাম ৷ আতবাজী প্ৰস্তুতৰ বাবে উৰালত কেচামাল খুন্দি থকা অৱস্থাতেই অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটে ৷ ইপিনে, ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ সম্প্ৰতি আহত আটাইকেইগৰাকীক বৰপেটা মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে ৷ ইয়াৰে এটি কিশোৰ অৱস্থা গুৰুতৰ বুলি জানিবলৈ দিয়ে হাস্পাতালৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে ৷

Intro:

বৰপেটা, ২১ অক্টোবৰঃ বৰপেটাৰ আতচবাজী উদ্যোগত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ আতচবাজী প্ৰস্তুত কৰি থকা অৱস্থাতে সংঘটিত হ'ল ভয়াৱহ অগ্নিকাণ্ড ৷ দীপ পাঠকৰ বৰপেটা আতচবাজী উদ্যোগত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত আতচবাজী উদ্যোগটোত কাম কৰি থকা দুই কিশেৰ আৰু মহিলাসহ ১২ জনকৈ শ্ৰমিক আঘাতপ্ৰাপ্ত হৈছে ৷ ইয়াৰে এটি কিশোৰৰ লগতে আন ছয় গৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷ Body:আহতসকলৰ ভিতৰত অষ্টমী, পাৰ্ব্বতী, ময়ুৰজান, মমতাজ, বাচাতন, ফুলমালা নামৰ মহিলা কেইগৰাকীৰ লগতে দ্বীপজ্যোতি নামৰ কিশোৰজনৰ আঘাত গুৰুতৰ বুলি জানিবলৈ দিছে বৰপেটা মেডিকেল কলেজ হস্পিটালৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে ৷
আনহাতে জিৰাতন, অভয়, সনাতন, মুনমালা, প্ৰমীলা, ধৰ্মেন্দ্ৰ নামৰ শ্ৰমিক কেইজনো আঘাতপ্ৰাপ্ত হৈ বৰপেটা মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে ৷ সমাগত দীপাৱলি উপলক্ষে দীপ পাঠকৰ ঘৰৰ পিচফালে একাংশ শ্ৰমিকে কাম কৰি থকা অৱস্থাতে সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ আতচবাজী প্ৰস্তুতৰ বাবে উৰালত কেচামাল খুন্দি থকা অৱস্থাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ লগে লগে জুয়ে আগুৰি ধৰে সমগ্ৰ অঞ্চলটো ৷ এই ঘটনাৰ ফলত অঞ্চলটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ ইপিনে আহত আটাইকেইগৰাকীকে বৰপেটা মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰা হয় ৷ এই ঘটনাকলৈ বৰপেটা চহৰত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, অগ্নিকাণ্ড সংঘটিত হোৱা বৰপেটা আতচবাজী উদ্যোগৰ ওচৰতে আছে মনি চুনা আতচবাজী উদ্যোগ আৰু অসম ফায়াৰ ৱৰ্কচ নামৰ আন দুটা আতচবাজী উদ্যোগ ৷ জুই নিৰ্বাপনত বিলম্ব ঘটিলেই ওচৰা ওচৰিকৈ থকা তিনিওটা উদ্যোগ অগ্নিকাণ্ডৰ কবলত পৰিলেহেতেন ৷ আন উদ্যোগসমুহলৈ জুই সম্প্ৰসাৰিত হলেই অতি ভয়াৱহ পৰিস্থিতি সৃষ্টি হ'লহেতেন ৷ উল্লেখ্য যে, চাৰিবছৰ পূৰ্বতেও একেটা উদ্যোগতেই অতি ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰিছিল আন দুটা উদ্যোগ ৷

Conclusion:বাইটঃ দুজন শ্ৰমিক ৷
বাইটঃ অধীক্ষক, বৰপেটা, মেডিকেল কলেজ হস্পিটাল ৷

-- বাপকন দাস, বৰপেটা ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.