ETV Bharat / state

অপহৰণ আৰু তাৰপাছত ধনদাবী: আৰক্ষীৰ জালত দুৰ্নীতি নিবাৰক শাখাৰ ৫ ভুৱা বিষয়া - অপহৰণ আৰু তাৰপাছত ধনদাবী

ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াকেইগৰাকীয়ে এগৰাকী হোটেল ব্যৱসায়ীক সোধপোছৰ নামত অপহৰণ কৰি ধনদাবী কৰাৰ অভিযোগ উঠিছে ৷ কিন্তু বৰপেটা আৰক্ষীয়ে পৰিয়ালৰ অভিযোগৰ ভিত্তিত অভিযান চলাই ৰঙিয়াৰ পৰা আটক কৰে দুৰ্নীতি নিবাৰক শাখাৰ(Anti-Corruption & Crime Control Bureau) ভুৱা বিষয়াকেইগৰাকীক ৷

fake anti-corruption officer arrested at Barpeta
আৰক্ষীৰ জালত দুৰ্নীতি নিবাৰক শাখাৰ ৫ ভুৱা বিষয়া
author img

By

Published : Apr 17, 2022, 2:20 PM IST

Updated : Apr 17, 2022, 5:17 PM IST

বৰপেটা/ৰঙিয়া, 17 এপ্ৰিল : বৰপেটাৰ হাউলী আৰক্ষীয়ে শনিবাৰে নিশা দুৰ্নীতি নিবাৰক শাখাৰ ৫ গৰাকী ভুৱা বিষয়াক আটক কৰিবলৈ সক্ষম হয়(Fake anti-corruption officer arrested at Barpeta) ৷ আটকাধীন ভুৱা বিষয়াকেইগৰাকীয়ে এগৰাকী হোটেল ব্যৱসায়ীক সোধপোছৰ নামত অপহৰণ কৰি 1 লাভ টকাৰ দাবী কৰাৰ অভিযোগ উঠিছে ৷ কিন্তু বৰপেটা আৰক্ষীয়ে প্ৰায় তিনি ঘন্টাজোৰা অভিযানৰ অন্তত ৰঙিয়াৰ পৰা দুৰ্নীতি নিবাৰক শাখাৰ ভুৱা বিষয়াকেইগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

আটকাধীন ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াকেইগৰাকী ক্ৰমে নলবাৰীৰ ৰাজেশ ডেকা আৰু কংকন ডেকা, পাঠশালাৰ ইনজামুল ইচলাম, মনজিৎ ৰয় আৰু নয়ন তালুকদাৰ বুলি জানিব পৰা হৈছে । দলটোৰ পৰা বৰপেটা আৰক্ষীয়ে দুৰ্নীতি নিবাৰক শাখাৰ ল'গ' লগাই থোৱা AS 01 BP 8309 নম্বৰৰ এখন চাৰিচকীয়া বাহন আৰু AS 14 E 9624 মটৰ চাইকেল জব্দ কৰে ৷

আৰক্ষীৰ জালত দুৰ্নীতি নিবাৰক শাখাৰ ৫ ভুৱা বিষয়া

ভুৱা বিষয়াকেইগৰাকীয়ে বৰপেটাৰ হাউলীৰ কালঝাৰৰ বৈশ্য লাইন হোটেলখনত অবৈধ কামকাজ চলাৰ অভিযোগ তুলি স্বত্বাধিকাৰী মনোহৰ বৈশ্যৰ আগত নিজকে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দি হোটেলৰ পৰাই ৰঙিয়ালৈ উঠাই লৈ গৈছিল ৷ ব্যৱসায়ীজনক উঠাই লৈ যোৱাৰ পিচতে নিজকে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দিয়া দলটোৱে ব্যৱসায়ীগৰাকীৰ জৰিয়তে পৰিয়ালৰ লোকক দাবী কৰে 1 লাখ টকা ৷

পৰিয়ালৰ লোকে ফোনযোগে ধনদাবীৰ পিচতে পৰিয়ালৰ লোকে কাষ চাপে আৰক্ষীৰ ৷ ইয়াৰ পিচতে হাউলী আৰক্ষীয়ে কৌশলেৰে ৰঙিয়াৰ মৰাণজানা নামে ঠাইত অভিযান চলাই ব্যৱসায়ী গৰাকীক উদ্ধাৰ কৰাৰ লগতে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দিয়া ৫ জনীয়া অপহৰণকাৰী দলটোক গ্ৰেপ্তাৰ কৰে । অপহৰণ আৰু ধনদাবীৰ অভিযোগত এতিয়া পাঁচ ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া ৰঙা ঘৰৰ আলহী হ’বলগীয়া হোৱা ঘটনাক লৈ হাউলীত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

লগতে পঢ়ক : অভিশপ্ত শনিবাৰ : বিহুদলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ 5 গৰাকীৰ মৃত্যু

Last Updated : Apr 17, 2022, 5:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.