ETV Bharat / state

কোনোবাই কান্দিছে, আন কোনোবাই আকৌ প্ৰতিবাদ কৰিছে

কোনোবাই উচুপিছে, আন কোনোবাই আকৌ প্ৰতিবাদ কৰিছে ৷ মুঠতে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে চৌদিশে ৷ এন আৰ চিৰ পৰা বাদ পৰা লোকৰ আৰ্তনাদ ৷ চাওক এই প্ৰতিবেদন-

কোনোবাই কান্দিছে, আন কোনোবাই আকৌ প্ৰতিবাদ কৰিছে
author img

By

Published : Sep 7, 2019, 7:07 PM IST

নিউজ ডেস্ক, 7 চেপ্তেম্বৰ : ২২ বছৰ ধৰি দেশৰ সীমান্ত ৰক্ষাৰ দায়িত্ব বহন কৰি অহা এইগৰাকী বৰপেটাৰ ৰণজিৎ দাস ৷ বৰপেটা চহৰৰ শান্তি নগৰৰ ৰণজিৎ দাসৰ লগতে দুই পুত্ৰ ৰাজীৱ দাস আৰু গোপালকৃষ্ণ দাসৰ নাম নাহিল এন আৰ চিত ৷ এই জ্যেষ্ঠ লোকজনে ২২ বছৰ ধৰি সেৱা আগবঢ়াইছিল বি এছ এফত ৷ দেশৰ সীমান্তৰক্ষাৰ মহান দায়িত্বপ্ৰাপ্তিৰে অৱসৰ গ্ৰহন কৰা ৰণজিৎ দাস এন আৰ চি কতৃপক্ষৰ ওচৰত বিবেচিত হ'ল সন্দেহজনক বিদেশী হিচাপে ৷ শুনানীৰ সময়ত ৬৬ চনৰ লিগেচীকে ধৰি সকলো প্ৰয়োজনীয় তথ্য দাখিল কৰিছিল পৰিয়ালটোৱে ৷ আনকি একে লিগেছী আৰু তথ্যৰেই লোকজনৰ আন ছজন ভাই ককাইৰ পৰিয়ালৰ নাম সন্নিৱিষ্ট হৈছে এন আৰ চি তালিকাত ৷

কোনোবাই কান্দিছে, আন কোনোবাই আকৌ প্ৰতিবাদ কৰিছে

ইফালে, এন আৰ চিত নাম নাহিল ১৯৪৮ চনতে সেনাত যোগদান কৰা কৰ্মচাৰীৰ পৰিয়ালৰ ৷ চিত্তৰঞ্জন চেটাৰ্জী নামৰ ব্যক্তিজনে ১৯৪৮ চনতেই যোগদান কৰিছিল ভাৰতীয় সেনা বাহিনীৰ কৰ্মচাৰী ৰূপে আৰু ১৯৭১ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ।কিন্তু এন আৰ চিৰ পৰা নাম কৰ্ত্তন হ'ল তেওঁৰ ১২ জনীয়া পৰিয়ালটোৰ ৭ জনৰ নাম ৷

আনহাতে, এন আৰ চিত নাম নাহিল ওদালগুৰিৰ খিলঞ্জীয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ বহু লোকৰ নাম । ৷যাৰ ফলত আতংকিত হৈ পৰিছে লোক সকল। খিলঞ্জীয়া হোৱাৰ পিছতো এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে কোচ ৰাজবংশী লোক সকলে । জিলা খনৰ ওৰাং থানাৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজে একত্ৰিত হৈ ক্ষোভ উজাৰিলে চৰকাৰৰ বিৰুদ্ধে ৷

লগতে ৰঙিয়াকে ধৰি আন আন বিভিন্ন ঠাইতো এন আৰ চিৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা লোকে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Intro:
বৰপেটা, ৭ ছেপ্টেম্বৰঃ বৰপেটা চহৰৰ এগৰাকী খিলঞ্জীয়া অসমীয়া ৷ ২২ বছৰ ধৰি দেশৰ সীমান্ত ৰক্ষাৰ মহান দায়িত্ব বহন কৰি আহিছে লোকজনে ৷ তাৰোপৰি দুই পুত্ৰ জড়িত হৈ আছে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সৈতেও ৷ তাৰপিচতো কিন্তু এন আৰ চি তালিকাৰ পৰা নাম বাদ পৰিল বৰপেটাৰ এই স্বাভিমানী অসমীয়া পৰিয়ালটোৰ নাম ৷ এই সন্দৰ্ভত চাও আহক আমাৰ এই প্ৰতিবেদনঃ

Body:কেমেৰাৰ সন্মুখতে উচুপি উঠিল এগৰাকী স্বাভিমানী অসমীয়া ৷ কেমেৰাৰ সন্মুখত উচুপি উঠি লোকজনে কলে- 'অসমীয়া হোৱাৰ পিচতো যদি আমাৰ নাম নাহিল এন আৰ চিত, তেন্তে ইয়াতকৈ আৰু আন কি দুখৰ কথা হব পাৰে ৷' হয়, এই কথা শুনাৰ পিচত আপুনি ভাবিবলৈ বাধ্য হব, সঁচাকৈয়ে স্বদেশীক বিদেশী কৰিলে নেকি এনআৰচি উন্নীতকৰনে ৷ সঁচাকৈয়ে এন আৰ চি হ'ল নেকি স্বাভিমানী অসমীয়াৰ দুখ আৰু দূৰ্ভাগ্যৰ কাৰণ ৷ বৰপেটা চহৰৰ শান্তি নগৰৰ ৰণজিৎ দাসৰ লগতে দুই পুত্ৰ ৰাজীৱ দাস আৰু গোপালকৃষ্ণ দাসৰ নাম নাহিল এন আৰ চিত ৷ ৰণজিৎ দাস নামৰ এই বয়োজ্যেষ্ঠ লোকজনে ২২ বছৰ ধৰি সেৱা আগবঢ়াইছিল বি এছ এফত ৷ দেশৰ সীমান্তৰক্ষাৰ মহান দায়িত্বপ্ৰাপ্তিৰে অৱসৰ গ্ৰহন কৰা ৰণজিৎ দাস এন আৰ চি কতৃপক্ষৰ ওচৰত বিবেচিত হ'ল সন্দেহজনক বিদেশী হিচাপে ৷ তাৰোপৰি দুই পুত্ৰ ৰাজীৱ দাস আৰু গোপাল কৃষ্ণ দাস এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সৈতে আৰম্ভনীৰেপৰা সক্ৰিয়ভাৱে জড়িত হৈ আহিছে ৷ বৰপেটা আৰু বৰনগৰ ৰাজহ চক্ৰত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত কম্পিউটাৰ সহায়ক হিচাপে সেৱা আগবঢ়াই অহা দুই পুত্ৰৰো পিচে নাম নাহিল তালিকাত ৷ এই কথাই পৰিয়ালটোৰ প্ৰতিজনলোককে কৰি তুলিছে ক্ষোভিত ৷ কি কাৰণত নাম বাদ পৰিল পৰিয়ালটোৰ ৷ শুনানীৰ সময়ত ৬৬ চনৰ লিগেচীকে ধৰি সকলো প্ৰয়োজনীয় তথ্য দাখিল কৰিছিল পৰিয়ালটোৱে ৷ আনকি একে লিগেছী আৰু তথ্যৰেই লোকজনৰ আন ছজন ভাই ককাইৰ পৰিয়ালৰ নাম সন্নিৱিষ্ট হৈছে এন আৰ চি তালিকাত ৷ তেন্তে দেশৰ সীমান্ত ৰক্ষাৰ সেৱাত নিয়োজিত হৈ অহা খিলঞ্জীয়া পৰিয়ালটোৰ নাম কি কাৰণত বাদ পৰিল এন আৰ চিৰ তালিকাৰ পৰা ৷ খিলঞ্জীয়া হোৱাৰ পিচতো কি সতে বাৰু বিদেশী ন্যায়াধিকৰনলৈ গৈ নিজকে ভাৰতীয় হিচাপে প্ৰতিপন্ন কৰিব এইসকল লোকে ৷ তাকে লৈ ক্ষোভ, দুশ্চিন্তা আৰু হতাশাত দগ্ধ এইসকল লোক ৷ তেওলোকে মনৰ ক্ষোভত কলে - খিলঞ্জীয়া হিচাপে থ্ৰি ইনটু থ্ৰি [ 3(3) ] ৰ জৰিয়তে এন আৰ চিত নান সন্নিৱিষ্ট কৰাৰ থল আছিল ৷ কিন্তু এন আৰ চিত নিয়োজিত একাংশ বিষয়া কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবে বৰপেটা চহৰৰ এই পৰিয়ালটোৰ দৰেই বহুলোকৰ বাবে এন আৰ চি হৈ পৰিল দূৰ্ভাগ্য আৰু দূৰ্ভাৱনাৰ প্ৰতীক ৷ কিদৰে বাৰু এইসকল স্বাভিমানী অসমীয়াই এতিয়া নাগৰিকত্বৰ বাবে ন্যায়াধিকৰণত খাপ পিটি থাকিব ৷ এই সমস্যাৰ পৰা খিলঞ্জীয়া লোকসকলক উদ্ধাৰৰ বাবে চৰকাৰৰ লগতে জাতীয় দল সংগঠনবোৰেও চিন্তা কৰাৰ থল নিশ্চয়কৈ আছে ৷

Conclusion:বাইটঃ ৰনজিৎ দাস, পিতৃ ৷

বাইটঃ গোপালকৃষ্ণ দাস,পুত্ৰ

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.