ETV Bharat / state

আৰক্ষীৰ চকুত ধূলি দি চিকিৎসাধীন অৱস্থাৰ পৰাই পলাল গুলীবিদ্ধ সুমন

author img

By

Published : Feb 19, 2022, 4:23 PM IST

বৰপেটাত অঘটন ৷ আৰক্ষীৰ চকুত ধূলি দি বৰপেটা মেডিকেল কলেজ হাস্পতালৰ পৰা পলায়ন গুলীবিদ্ধ গাঞ্জা ব্যৱসায়ী সুমন নমো (Escape of bullet injured criminals from hospital) ৷ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তেজনা ৷ এই সন্দৰ্ভত নিমাত বৰপেটা আৰু কোকৰাঝাৰ আৰক্ষী ৷

Tense situation in barpeta medical collage
আৰক্ষীৰ চকুত ধূলি দি চিকিৎসাধীন অৱস্থাৰ পৰা পলায়ন গুলীবিদ্ধ সুমন

বৰপেটা, ১৯ ফেব্ৰুৱাৰী : বৰপেটা মেডিকেল কলেজত অঘটন ৷ আৰক্ষীৰ চকুত ধূলি দি বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা গুলীবিদ্ধ গাঞ্জা ব্যৱসায়ী সুমন নমোৰ পলায়ন (Suman Namu escaped from Barpeta Medical College Hospital) ৷ সেই ঘটনাক কেন্দ্ৰ কৰি বৰপেটা মেডিকেল কলেজ হাস্পতালত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতিৰ ৷

জানিব পৰা মতে, বিগত ১৬ ফেব্ৰুৱাৰীত কোকৰাঝাৰত এখন ট্ৰাকৰ পৰা প্ৰায় ৩৫০ কেজি গাঞ্জাসহ সুমন নমো আৰু ৰাহুল সৰকাৰক গ্ৰেপ্তাৰ কৰিছিল কোকৰাঝাৰ আৰক্ষীয়ে ৷ সিদিনাই নিশাই আৰক্ষীৰ পিষ্টল কাঢ়ি গুলী চলাবলৈ উদ্যত হৈছিল আটকাধীন সুমন নমোয়ে ৷ পৰৱৰ্তী সময়ত ঘটনা বিষম দেখি কোকৰাঝাৰ আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় সুমনক ৷ ফলত আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছিল সুমন নমো নামৰ গাঞ্জা ব্যৱসায়ীটো ৷

তাৰ পিচৰে পৰাই বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল আটকাধীন গাঞ্জা ব্যৱসায়ীটো ৷

অৱশ্যে যোৱা নিশা অৰ্থাৎ শুকুৰবাৰে প্ৰায় ৩ বজাত আৰক্ষীৰ চকুত ধূলি দি হেণ্ডকাফৰ ৰচী কাটি হাস্পতালৰ পৰা পলায়ন কৰে আটকাধীন সুমন নামোৰে ৷ ইপিনে সুমন নমোৰ পলায়নক লৈ মুখ নোখোলে বৰপেটা আৰক্ষীয়ে ৷ আনকি সুমন নমোৰ সুৰক্ষাৰ দায়িত্বত থকা কোকৰাঝাৰ আৰক্ষীয়েও ঘটনা সম্পৰ্কে মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷

লগতে পঢ়ক : Encounter in Tinsukia: তিনিচুকীয়াত আৰক্ষীৰ এনকাউণ্টাৰ, আহত ড্ৰাগছ মাফিয়া

উল্লেখ্য যে, শুকুৰবাৰে প্ৰকাশ কুমাৰ শ্ৰীবাস্তৱৰ নেতৃত্বত ঘনশ্যাম দাস, জীৱন নাৰ্জাৰী আৰু সমীৰণ বাকচী নামৰ ৪ আৰক্ষী জোৱান অভিযুক্ত সুমন নামোৰ নিৰাপত্তাৰ দায়িত্বত ন্যস্ত আছিল ৷ পিছে নিশা টোপনিত লালকাল আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে সোঁভৰিত গুলী লগা আটকাধীন গাঞ্জা ব্যৱসায়ীটোৱে ৷ প্ৰাপ্ত তথ্য অনুসৰি, গাঞ্জা ব্যৱসায়ীটোৰ পলায়নৰ ঘটনাক কেন্দ্ৰ কৰি বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত আৰক্ষীয়ে তদন্ত চলাই আছে ৷

চিকিৎসাধীন গাঞ্জা ব্যৱসায়ীটোৱে দাঁতেৰে কামুৰি হেণ্ডকাফৰ ৰচী খুলি পলায়ন কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ হেণ্ডকাফৰ ৰচীত লাগি থকা চামৰাৰ আৱৰণতো দাঁতেৰে কামুৰি চিঙি পেলোৱাৰ পিচতেই হেণ্ডকাফৰ ৰচীডাল খুলি যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ অৱশ্যে তদন্ত সম্পৰ্কে আনুষ্ঠানিকভাৱে সাংবাদিকৰ আগত মুখ খোলাৰ পৰা বিৰত আছে আৰক্ষী ৷

লগতে পঢ়ক : Large quantity of wood seized : হোজাইত জব্দ লক্ষাধিক টকাৰ চেগুন গছৰ কুণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.