জনীয়া,13 নৱেম্বৰ: কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ইছবপুৰ গাঁৱত মানাহ নদীৰ গৰাখহনীয়াই ধাৰণ কৰিছে কালৰূপ ৷ চপৰা চপৰে খহিছে মানাহ নৈৰ গৰা ৷ গৰাখহনীয়াত জাহ গৈছে শস্য শ্যামলা খেতি পথাৰৰ লগতে কেইবাটাও পৰিয়ালৰ ভেটি মাটি। নিৰুপায় হৈ বহু খেতিয়কে পাচলি খেতিতে এৰাল দিবলগীয়া হৈছে গৰু ছাগলী। খহনীয়াৰ কালৰূপৰ বাবেই কাটিব লগীয়া হৈছে কেঁচা ধান । অতি কষ্টেৰে কৰা ধান খেতিৰ লগতে মূলা,ওলকবি,মাকৈ, জলকীয়া,পালেং,বন্ধা কবি,বেঙেনা আদি পাচলিৰ খেতি সমূহো নদীৰ বুকুত জাহ গৈছে ৷
ঘৰৰ ভেটি সমূহো নদীয়ে উছন কৰাত পদপথতে বাস কৰিবলগীয়া হৈ পৰিছে খহনীয়াগ্ৰস্ত লোকসকলে। চৰকাৰ তথা প্ৰশাসনক বাৰে বাৰে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ অনুৰোধ কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ । অনাগত দিনত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হ'লে নৈৰ বুকুত আত্মজাহ দিয়াৰ ভাবুকি প্ৰদান কৰিছে অঞ্চলটোৰ খহনীয়াগ্ৰস্ত ৰাইজে ৷
লগতে পঢ়ক: শিলঘাট সমবায় মৰাপাট কললৈ ৰাজ্য চৰকাৰৰ 10 কোটি টকাৰ সাহাৰ্য