ETV Bharat / state

বিধানসভা নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন

author img

By

Published : Feb 27, 2021, 10:12 PM IST

বিধানসভা নিৰ্বাচন সম্পৰ্কে বৰপেটা জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰা হয় ৷ সংবাদমেলত জিলা নিৰ্বাচনী বিষয়াই জনোৱা মতে বৰপেটা জিলাৰ ৬ টা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১১ লাখ ৪১ হাজাৰ ৩৮৪ গৰাকী ৷

বিধানসভা নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন
বিধানসভা নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন

বৰপেটা,২৭ ফেব্ৰুৱাৰী: বিধানসভা নিৰ্বাচনকলৈ তৎপৰতা বৃদ্ধি পাইছে বৰপেটা জিলা প্ৰশাসনৰ । জিলা প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সম্পৰ্কে শনিবাৰে উপায়ুক্ত কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে বৰপেটা জিলা প্ৰশাসনে । সংবাদমেলত জিলা নিৰ্বাচনী বিষয়াই জনোৱা মতে বৰপেটা জিলাৰ ৬ টা বিধানসভা সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা ১১ লাখ ৪১ হাজাৰ ৩৮৪ গৰাকী ৷ বৰপেটাৰ ৬ টা বিধানসভা সমষ্টিৰ বাবে ১৯ মাৰ্চত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৷ সম্পূৰ্ণ ক'ভিড-১৯ ৰ নীতি নিয়ম মানি ভোট গ্ৰহণৰ ব্যৱস্থা কৰা হ'ব জিলাখনত ৷ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত স্কেনিং মেচিনৰ সহায়ত ভোটাৰৰ শৰীৰৰ উষ্ণতা জোখা হ'ব আৰু উষ্ণতা বেছি থাকিলে তেওঁলোকক আচুতীয়া কক্ষত ৰখা হ'ব আৰু ভোট গ্ৰহণৰ শেষ মুহূৰ্ততহে তেওঁলোকক ভোট গ্ৰহণৰ সুবিধা দিয়া হ'ব ৷

জিলা নিৰ্বাচনী বিষয়াই জনোৱা মতে বৰপেটা জিলাৰ ৬ টা বিধানসভা সমষ্টিৰ ভিতৰত সৰভোগ আৰু চেঙা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দিতাত নমা প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ বাবে অতিৰিক্ত নিৰীক্ষক নিয়োগ কৰা হৈছে ৷ ইপিনে এইবাৰ ভোটগ্ৰহণৰ ক্ষেত্ৰত দিব্যাংগ আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটাৰসকলৰ তথ্য আগতীয়াকৈ সংগ্ৰহ কৰি বিশেষ ভোটদান আৰু ইচ্ছা কৰিলে ডাক বেলটৰ যোগেও ভোটদান কৰিব পাৰিব ৷ আনহাতে নিৰ্বাচনৰ কামত জড়িত চেলসমূহৰ লগতে ফ্লাইং স্কোৱাডসমূহ নিৰ্বাচনী কামৰ বাবে সক্ৰিয় কৰি তোলা হৈছে ৷ ভোটাৰৰ বিভিন্ন অভিযোগ বা আপত্তি আৰু সহায়ৰ বাবে জিলা প্ৰশাসনে মুকলি কৰিছে ১৯৫০ হেল্প লাইন নম্বৰ ৷

লগতে পঢ়ক:চিৰাঙত নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.