বৰপেটা, ৩ মে' : কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত ঘোষণা কৰা লক্ ডাউনৰ ফলত বাৰুকৈয়ে বিপদত পৰিছে একাংশ খাটি খোৱা লোক ৷ দিনে আৰ্জি পেট প্ৰৱৰ্তোৱা লোকসকলক এই সময়চোৱাত খাদ্য-অৰ্থ আদি বিভিন্ন সমস্যাই জুমুৰি দি ধৰিছে ৷ ৰিক্সা-ঠেলা চালক, বিভিন্ন বাহনৰ চালক, ক্ষুদ্ৰ ব্যৱসায়ী আদিৰ বাবে উপাৰ্জনৰ পথ একপ্ৰকাৰ বন্ধ হৈ পৰিছে ৷
বৰপেটাতো লক্ ডাউনৰ বাবে সমস্যাত পৰিছে ই-ৰিক্সা চালকসকল ৷ বেছিভাগ নিবনুৱা যুৱকেই ধাৰ-ঋণ লৈ ক্ৰয় কৰিছিল এখন ই-ৰিক্সা ৷ মাহৰ মূৰত কিবাকৈ কিস্তিৰ ধন পৰিশোধ কৰি আহিছিল যদিও এমাহে পৰিশোধ কৰিব পৰা নাই কিস্তিৰ ধন ৷ আনহাতে, ই-ৰিক্সাসমূহৰ বেটেৰিবোৰো নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে ৷
এইসকল ই-ৰিক্সা চালকৰ বাবে এতিয়া পৰিয়াল চলোৱাই কঠিন হৈ পৰিছে ৷ ৰাজ্যৰ ই-ৰিক্সা চালকসকলৰ এনে সংকটৰ সময়ত চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে বৰপেটা জিলা ই-ৰিক্সা চালক সন্থাই ৷ তেওঁলোকে ৰাজ্য চৰকাৰক দাবী জনাইছে লক্ ডাউনৰ ফলত ক্ষতিগ্ৰস্ত ৰাজ্যৰ ই-ৰিক্সা চালকৰ পৰিয়ালসমুহক অলপ সকাহ দিয়াৰ বাবে অন্তত কিছু পৰিমাণে হলেও আৰ্থিক সহায় আগবঢ়াওক ৷
লগতে পঢ়ক : চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা নলবাৰীৰ এটা অসহায় পৰিয়াল