ETV Bharat / state

গুণোৎসৱৰ মাজতে বিদ্যালয় জ্বলোৱাৰ অভিযোগ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে

ৰাজ্যত চলি আছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav in Assam) ৷ এই গুণোৎসৱৰ মাজতে বৰপেটাত এখন বিদ্যালয়ত সংঘটিত হ’ল অগ্নিকাণ্ড ৷ গুণোৎসৱৰ বিফলতা ঢাকিবৰ বাবেই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে অগ্নিসংযোগ কৰাৰ অভিযোগ স্থানীয় লোকৰ (Fire broke out in School at Barpeta)।

During gunotsav fire broke out in a school in Barpeta

author img

By

Published : May 24, 2022, 9:35 PM IST

বৰপেটা, ২৪ মে’ : গুণোৎসৱৰ মাজতে বৰপেটাৰ ভেল্লাত অঘটন ৷ ভেল্লাৰ এখন বিদ্যালয়ত সংঘটিত হয় অগ্নিকাণ্ডৰ এক ঘটনা (Fire broke out in School at Barpeta)। ১৮২৮ নং দ্বৰ্গাহপুৰ পশ্চিমহাটী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় বিদ্যালয়খনৰ বহু নথি-পত্ৰ । দুৱাৰ-খিৰিকীৰ লগতে আন কেতবোৰ সামগ্ৰীও জুইত ভস্মীভূত হয় ।

এই অগ্নিকাণ্ড কেনেকৈ সংঘটিত হৈছে সেইয়া জানিব পৰা হোৱা নাই যদিও স্থানীয় একাংশ লোকে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মামনি দাসে অগ্নিসংযোগ কৰাৰ অভিযোগ কৰিছে (Allegations of arson against head mistress) । প্ৰধান শিক্ষয়িত্ৰী মামনি দাসে মঙবাৰে পুৱা প্ৰায় ৪.৩০ বজাত হঠাৎ বিদ্যালয়খনত উপস্থিত হৈ বিদ্যালয়খনৰ আলমিৰাত অগ্নি সংযোগ কৰি তাৰ পৰা ওলাই যোৱাৰ অভিযোগ একাংশৰ ।

গুণোৎসৱৰ মাজতে বিদ্যালয় জ্বলোৱাৰ অভিযোগ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে

গুণোৎসৱৰ বিফলতা ঢাকিবৰ বাবেই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মামনি দাসে অগ্নিসংযোগ কৰাৰ অভিযোগ কৰে স্থানীয় লোকে । ইপিনে গুণোৎসৱৰ বাবে মঙলবাৰে নিৰীক্ষক আহি বিদ্যালয়খন পৰ্যবেক্ষণ কৰাৰ কথা আছিল । তেনে সময়তে বিদ্যালয়খনত ঘটা এনে অনাকাংক্ষিত কাণ্ডক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে অভিভাৱকসকলে ।

বিদ্যালয়খনত প্ৰধান শিক্ষয়িত্ৰী মামনি দাসেই অগ্নিসংযোগ কৰিছে, নে আন কিবা কাৰণত অগ্নিকাণ্ড সংঘটিত হৈছে সেইয়া আৰক্ষীৰ তদন্তৰ শেষতহে জানিব পৰা যাব । ঘটনা সম্পৰ্কত বৰপেটা সদৰ থানাৰ আৰক্ষী বিদ্যালয়খনত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ৷

উল্লেখ্য যে, দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ মঙলবাৰে দ্বিতীয় দিন (Second phase of Gunotsav)৷ সোমবাৰে গুণোৎসৱৰ স্ব-মূল্যায়ন হৈ যোৱাৰ পিচত দ্বিতীয় দিনৰ গুণোৎসৱৰ মূল্যায়ণ কৰিছে বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ লগতে বিষয়া-কৰ্মচাৰী সকলে ৷ জিলা উপায়ুক্তই জনোৱামতে এইবাৰৰ গুণোৎসৱত প্ৰথমদিনটোত জিলাখনৰ ৮৬ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈছে ৷ জিলাখনৰ ৭৬৯ বিদ্যালয়ত গুণোৎসৱ আৰম্ভ হৈছে ৷ গুণোৎসৱৰ বাবে ১০০৭ জন বিষয়া নিয়োগ কৰা হৈছে ৷

ইপিনে শেহতীয়া বান পৰিস্থিতিৰ বাবে বৰপেটাৰ বহু বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত কৰিব পৰা নগ'ল ৷ উপায়ুক্তই জনোৱামতে, বান পৰিস্থিতিৰ বাবে ৫৭ খন বিদ্যালয়ত হোৱা নাই গুণোৎসৱ ৷ ৰাজ্যত ক’ভিড পৰিস্থিতিৰ পিচত আৰম্ভ হোৱা গুণোৎসৱক লৈ প্ৰায়বোৰ বিদ্যালয়তে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলৰ মাজতো সৃষ্টি হৈছে উৎসাহ আৰু আনন্দৰ ৷

লগতে পঢ়ক : Gunutsav in Sivasagar: দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি মূল্যায়নৰ দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.