বৰপেটা,১০ মাৰ্চ: ড্ৰাগছৰ ঘাটিত পৰিণত হৈ পৰিছে বৰপেটা জিলা । আৰক্ষী-প্ৰশাসনে ড্ৰাগছৰ অবৈধ বেহাৰ বিৰুদ্ধে সষ্টম হৈ থকাৰ পিছতো বৰপেটাত একাংশ অসাধু ব্যৱসায়ীয়ে চলাই আছে নিচাযুক্ত দ্ৰব্যৰ বেহা । পুনৰ আৰক্ষীৰ অভিযানত জিলাখনত জব্দ হৈছে ব্ৰাউন ছুগাৰ ।
আৰক্ষীয়ে বৰপেটাৰ হাঁহচৰা গাঁৱৰ দলঙৰ সমীপত অভিযান চলাই এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰে । ধৃত ব্যৱসায়ীটোৰ নাম নয়ন খান আৰু তেওঁৰ ঘৰ বহৰিৰ গোমা ফুলবাৰী গাঁৱত । আৰক্ষীয়ে নয়ন খানৰ পৰা ১২.৫০ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে । জব্দকৃত ব্ৰাউন ছুগাৰখিনিৰ মূল্য ডেৰ লক্ষাধিক টকা বুলি আৰক্ষীয়ে আনুমান কৰিছে ।
ব্ৰাউন ছুগাৰখিনি এটা চাবোনৰ বাকচত ভৰাই বিক্ৰীৰ বাবে লৈ যোৱাৰ অৱস্থাতে ড্ৰাগছ ব্যৱসায়ীটোক আৰক্ষীয়ে আটক কৰে । বিগত তিনি দিনত দুটা ড্ৰাগছ ব্যৱসায়ী আটক কৰিছে বৰপেটা আৰক্ষীয়ে ৷ উল্লেখ্য যে, ডিমাপুৰৰ পৰা বৰপেটালৈ সৰবৰাহ হোৱা ড্ৰাগছ বৰপেটাৰ পৰা বিভিন্ন জিলালৈ সৰবৰাহ কৰা হয় ৷
ইপিনে, যোৱা ৫ মাৰ্চত গুৱাহাটীৰ গণেশগুৰিৰ এখন হোটেলত আৰক্ষীয়ে অভিযান চলাই বৰপেটাৰ ড্ৰাগছ মাফিয়া শ্বাহৰুখ আহমেদক আটক কৰিছিল ৷ আৰক্ষীয়ে বৰপেটাৰ বিভিন্ন স্থানৰ পৰা বিগত সময়ত কেইবাজনো ড্ৰাগছ ব্যৱসায়ী আটক কৰিবলৈ সক্ষম হৈছে যদিও ড্ৰাগছৰ মূল ঘাটি উৎখাত কৰাৰ ক্ষেত্ৰত আৰক্ষী সফল হোৱা নাই । আনহাতে, বৰপেটা জিলাক ড্ৰাগছমুক্ত জিলা হিচাপে গঢ়ি তোলাৰ বাবে আৰক্ষীয়ে পৰৱৰ্তী সময়তো ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।
লগতে পঢ়ক: নাওবৈচা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ মনোনয়ন দাখিল