জনীয়া, ২৫ ডিচেম্বৰ: সংগীতৰ প্ৰতি আগ্ৰহীসকলক প্ৰশিক্ষণ দি আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে বৰপেটা জিলাৰ কলগাছিয়াত স্থাপন কৰা হৈছে দেৱান মিউজিক একাডেমী(Dewan music academy in Kalgachia) । প্ৰয়াত সংগীত শিল্পী মহম্মদ তাজউদ্দিন আহমেদৰ স্মৃতিত এই সংগীত শিক্ষানুষ্ঠানখন স্থাপন কৰা হৈছে । শনিবাৰে এই মিউজিক একাডেমীখন উদ্বোধন কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে(MP Abdul Khalek inaugurated Dewan music academy) ।
উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভাও অনুষ্ঠিত কৰা হয় । নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যাপক ড° ফকৰুল আলমৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে কলগাছিয়াৰ বিশিষ্ট সংগীত শিল্পী আব্দুল কদ্দুছ তালুকদাৰ, বিশিষ্ট নাট্যকাৰ ছায়েদ আলীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । প্ৰয়াত তাজউদ্দিন আহমেদৰ পুত্ৰ ৰাকিব উদ্দিনৰ প্ৰচেষ্টাতে এই সংগীত শিক্ষানুষ্ঠানখন স্থাপন কৰা হৈছে ।
দেৱান মিউজিক একাডেমী স্থাপন কৰি সংগীত শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰাৰ বাবে সাংসদ আব্দুল খালেকে ৰাকিব আহমেদক ধন্যবাদ জ্ঞাপন কৰে ।
লগতে পঢ়ক:Sankardev Sangha annual conference: সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত