ETV Bharat / state

কলগাছিয়াৰ বেকী দলঙৰ ওচৰত উদ্ধাৰ মৃতদেহ

বেকী দলঙৰ দুয়ো পাৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ বৰপেটা জিলা প্ৰশাসনৰ ওচৰত দাবী স্থানীয় ৰাইজৰ

author img

By

Published : Mar 10, 2019, 2:01 PM IST

কলগাছিয়াৰ বেকী দলঙৰ ওচৰত উদ্ধাৰ মৃতদেহ

বৰপেটা,10 মাৰ্চ : বৰপেটা জিলাৰ কলগাছিয়াৰ শওপুৰৰ বেকী দলঙৰ ওচৰত উদ্ধাৰ মৃতদেহ ৷ মৃতদেহটো কলগাছিয়াৰ শাওৰচৰা গাঁৱৰ মহম্মদ কুৰপান আলীৰ পুত্ৰ দৰবেশ আলী বুলি চিনাক্ত কৰা হৈছে ।

কলগাছিয়াৰ বেকী দলঙৰ ওচৰত উদ্ধাৰ মৃতদেহ

মৃতদেহৰ মুখমণ্ডলত আঘাতৰ চিন থকাৰ উপৰিও আৰক্ষী আৰু ৰাইজক বিভ্ৰান্ত কৰিবলৈ দুৰ্বৃত্তই দৰবেশ আলীক হত্যা কৰি দলঙৰ এটা মূৰত মৃতদেহ আৰু আনটো মূৰত মটৰ চাইকেল পেলাই থোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে । উদ্ধাৰ হোৱা গ্লেমাৰ মটৰ চাইকেলখনৰ নম্বৰ AS01AV0482 বুলি জানিব পৰা গৈছে । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

আৰক্ষীয়ে তদন্ত কৰি অতি সোণকালে দুৰ্বৃত্তক কৰায়ত্ত কৰি শাস্তি বিহিবলৈ দাবী উত্থাপন কৰাৰ লগতে বেকী দলঙৰ দুয়ো পাৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ বৰপেটা জিলা প্ৰশাসনৰ ওচৰত দাবী জনায় স্থানীয় ৰাইজে ।

Slug: A_BAR_10MARCH_802_DEATHBODY_RECOVERED_VIS+BITE_BAPKAN_DAS.

কলগাছিয়াৰ শওপুৰৰ বেকী দলঙৰ ওচৰত মৃতদেহ উদ্ধাৰ

বৰপেটা ১০ মাৰ্চ : কলগাছিয়াৰ শওপুৰৰ বেকী দলঙৰ ওচৰত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওপুৰৰ বেকী দলঙৰ ওচৰত এটি মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহটো কলগাছিয়াৰ শাওৰচৰা গাঁওৰ মহম্মদ কুৰপান আলীৰ পুত্ৰ দৰবেশ আলী বুলি চিনাক্ত কৰা হৈছে। মৃতদেহৰ মুখমণ্ডলত আছে 'আঘাতৰ চিন। ইফালে বেকী দলঙখনৰ আনটো মূৰত উদ্ধাৰ হৈছে AS01AV0482 নম্বৰৰ গ্লেমাৰ মটৰ চাইকেল। আৰক্ষী আৰু ৰাইজক বিভ্ৰান্ত কৰিবলৈ দূৰবৃত্তই দৰবেশ আলীক  হত্যা কৰি দলঙৰ এটা মূৰত মৃতদেহ আৰু আনটো মূৰত মটৰ চাইকেল  পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে তদন্ত কৰি অতি সোনকালে দুৰ্বৃত্তক কৰায়ত্ত কৰি শাস্তি বিহিবলৈ ৰাইজে দাবী উত্থাপন কৰাৰ লগতে বেকী দলঙৰ দুয়ো পাৰত নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ বৰপেটা জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

বাইট : তদন্তকাৰী আৰক্ষী বিষয়া আৰু ৰাইজৰ ।                   

  --- বাপকন দাস, বৰপেটা                                                                  
  ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.