ETV Bharat / state

কলগাছিয়াৰ ভয়ংকৰ গৰাখহনীয়াত সৰ্বস্বান্ত গাঁওবাসী - kalgachia

বৰপেটাৰ কলগাছিয়াৰ চতলা গাঁৱত মানাহ আৰু বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়াৰ ফলত সৰ্বস্ব হেৰুৱাইছে গাঁওবাসীয়ে ৷ স্থানীয় জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনৰ নীৰৱ ভূমিকাত ক্ষুব্ধ ভুক্তভোগী ৰাইজ ৷

kalgachia erosion
কলগাছিয়াত গৰাখহনীয়া
author img

By

Published : Dec 4, 2020, 11:53 AM IST

জনীয়া,4 ডিচেম্বৰ : বৰপেটা জিলাৰ বাঘবৰ সমষ্টি তথা কলগাছিয়াত মানাহ আৰু বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়া ৷ উচন হ'ল অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰীৰ লগতে শস্য শ্যামলা খেতিপথাৰ । অনিদ্ৰা অনাহাৰে মুকলি পথাৰত নিশা কটাইছে খহনীয়াগ্ৰস্ত ৰাইজে ।

কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত ঐতিহাসিক মান-আহোমৰ শেষ ৰণস্থলী চতলা গাঁওখন মানাহ আৰু বেকী নৈৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰি প্ৰায় নিশ্চিহ্ন হোৱাৰ পথত । বিগত চাৰি মাহ ধৰি গাঁওখনৰ অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নৈৰ বুকুত জাহ যোৱাৰ লগতে শ শ বিঘা কৃষিভূমি নৈৰ গৰাখহনীয়াই ধ্বংস কৰিছে ৷

kalgachia erosion
কলগাছিয়াত গৰাখহনীয়া

ইয়াৰ ফলস্বৰূপে ভেটি মাটি হেৰুৱাই যেন পথৰ ভিক্ষাৰীত পৰিণত হৈছে এই খহনীয়াগ্ৰস্ত লোকসকল । উল্লেখ্য যে, বানপানীৰ পাচৰ পৰাই অঞ্চলটোত নিৰবিচ্ছিন্নভাৱে গৰাখহনীয়াই ধ্বংসলীলা চলাই আহিছে যদিও স্থানীয় জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনৰ নীৰৱ ভূমিকাত ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী লোকসকল ।

লগতে পঢ়ক : অভয়াপুৰীত ৰাস পূজা সমিতিৰ সম্পাদকক আক্ৰমণ দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.