ETV Bharat / state

বজালীত ভয়ংকৰ বান পৰিস্থিতি - বান পৰিস্থিতি

পহুমৰা নৈৰ ভগা মথাউৰিৰ পানীৰ সোঁতে পলকতে খহাই নিছে এফালৰ পৰা ঘৰ দুৱাৰকে ধৰি বহু মুল্যৱান গছ-গছনি ৷ ইতিমধ্যে 25 টা কৈ পৰিয়াল মথাউৰিত আশ্ৰয় ল'ব লগাত হৈছে ৷

Danger flood At Bajali
বজালীত ভয়ংকৰ বান পৰিস্থিতি
author img

By

Published : Jul 11, 2020, 9:27 PM IST

বজালী, 11 জুলাইঃ বৰপেটা জিলাৰ বজালীত পহুমৰা নদীত হোৰা হোৰে বৃদ্ধি পাইছে নৈ খনৰ জল পৃষ্ঠ ৷ ভূটানৰ পৰা বৈ হৈ অহা নৈ খনৰ বাঢ়নী পানীত শনিবাৰে প্ৰথমে বজালীৰ গহীনপাৰাত মঠাউৰি ভগাৰ পিছতে কলৰগুড়িৰ মথাউৰি আন এটা ভাঙি ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হয় ৷ ফলত ঐতিহাসিক দলো গোঁসাইৰ থানকে ধৰি পলকতে বৃহত্তৰ অঞ্চল প্লাৱিত হোৱাত মথাউৰিত আশ্ৰয় ল'ব লগা হয় স্থানীয় লোকসকল ৷

বজালীত ভয়ংকৰ বান পৰিস্থিতি

আনহাতে, কালদিয়া নৈৰ ভগা মথাউৰিৰ পানীৰ সোতে পলকতে খহাই নিছে এফালৰ পৰা ঘৰ দুৱাৰকে ধৰি বহু মুল্যৱান গছ-গছনি ৷ ভগা মথাউৰিৰ পৰিনতিত সমীপৰ 25 টা কৈ পৰিয়াল মথাউৰিত আশ্ৰয় ল'ব লগাত পৰিছে ৷ বানপানীৰ ফলত পাঠশালাৰ পশ্চিম প্ৰান্তৰ বিভিন্ন অঞ্চল যে পানীত ডুব যাব সেয়া নিশ্চিত কৰিছে স্থানীয়লোক সকলে ৷ মুগুৰীয়াকে আদি কৰি পাঠশালাৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ আদিও যে কিছু সময় পিছতে পানীত ডুব যাব তাক লৈ শংকিত হৈছে স্থানীয় লোকসকল ৷

Danger flood At Bajali
বজালীত ভয়ংকৰ বান পৰিস্থিতি

ইতিমধ্যে বিচনা,বাচন-বৰ্তন আৰু পশুধনৰ সৈতে বৰষুণৰ মাজতেই মথাউৰিত আহি আশ্ৰয় ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে বানাক্ৰান্ত পৰিয়ালক সহায়ৰ বাবে নামি পৰিছে SDRF বাহিনী ৷

উল্লেখযোগ্য যে,যোৱা নিশাৰ পৰা স্থানীয় ৰাইজে উক্ত মথাউৰিতো ভঙাৰ পৰা ৰক্ষা কৰিবলৈ বহু চেষ্টা কৰিছিল যদিও তেওঁলোকৰ কষ্ট বিফলে যায় ৷ এনে ক্ষেত্ৰত জলসম্পদ বিভাগে হেমাহি কৰাৰ ফলতে এতিয়া বৃহৎৰ ৰাইজ বিপদত পৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক- মহাবাহু ব্ৰহ্মপুত্ৰৰে বানত উটি আহিল বনৰীয়া হাতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.