ETV Bharat / state

কলগাছিয়াৰ বেঁকী নৈত ভয়ংকৰ গৰাখহনীয়া

author img

By

Published : May 26, 2020, 8:03 PM IST

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰঝাহি গাঁৱত বেঁকী নৈ তাণ্ডৱ অব্যাহত । নৈ খনত পানী কমি যোৱাৰ পিছতেই এতিয়া ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বেঁকী নৈয়ে । এইদৰে চপৰা-চপৰে খহি আছে শস্যভূমিৰ লগতে নৈ পৰীয়া ৰাইজৰ মাটি-ভেটি।

ETV BHARAT
কলগাছিয়াৰ বেঁকী নৈত ভয়ংকৰ গৰাখহনীয়া

জনীয়া, 26 মেঃ বৰপেটা জিলাৰ কলগাছিয়াৰ কাউৰঝাহিত বেঁকী নৈৰ ভয়ংকৰ গৰাখহনীয়া । ইতিমধ্যে গৰাখহনীয়াত জাহ গল ৭ টাকৈ পৰিয়ালৰ ঘৰ মাটি-ভেটি ৷ শংকিত নৈ পৰীয়া ৰাইজৰ ৷

কলগাছিয়াৰ বেঁকী নৈত ভয়ংকৰ গৰাখহনীয়া

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰঝাহি গাঁৱত বেঁকী নৈ তাণ্ডৱ অব্যাহত । নৈ খনত পানী কমি যোৱাৰ পিছতেই এতিয়া ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বেঁকী নৈয়ে । এইদৰে চপৰা-চপৰে খহি আছে শস্যভূমিৰ লগতে নৈ পৰীয়া ৰাইজৰ মাটি-ভেটি। কিন্তু কানহাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জনপ্ৰতিনিধিৰ। যোৱা দুই দিনত গৰাখহনিয়াত ৭ টাকৈ পৰিয়ালৰ ঘৰ বাৰী জাহ গ'ল ৷ লগতে চপৰা-চপৰে খহাই নিছে মৰাপাট ও জলকীয়া খেতি। যাৰ বাবে মূৰে কঁপালে হাত দিব লগা হৈছে কৃষক সকলে । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই যদি অতি সোনকালে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে কাউৰঝাহি, বলাইপথাৰ আৰু খাৰবাল্লী গাঁওৰ ৫ শতাধিক পৰিয়াল খহনীয়াৰ কবলত পৰাৰ আশংকা কৰিছে ৷ ফলত এতিয়া ভয় শংকাৰ মাজতেই জীৱন অতিবাহিত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অতি শীঘ্ৰে চৰকাৰ প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষক গৰাখহনিয়া প্ৰতিৰোধৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে নৈ পৰীয়া ৰাইজে ৷

লগতে পঢ়ক-তিনিচুকীয়াত বানৰ সংহাৰী ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.