ETV Bharat / state

মইনবড়িত গৰা খহনীয়াত উচন হ'ল ৯১২ টা পৰিয়াল

author img

By

Published : Sep 1, 2020, 5:04 PM IST

মহাবাহু ব্ৰহ্মপুত্ৰ আৰু বলিয়া বেঁকী নৈত জাহ গ'ল শতাধিক পৰিয়াল ৷ উপযুক্ত ক্ষতি পূৰণ বিচাৰি চৰকাৰক আহ্বান জনাইছে ভুক্তভোগি লোক সকলে ৷

Danger Erission At Jania Baghbar
মইনবড়িত গৰা খহনীয়াত উচন হ'ল ৯১২ টা পৰিয়াল

জনীয়া, 1 ছেপ্তেম্বৰঃ বৰপেটাৰ বাঘবৰ সমষ্টিৰ মইনবড়িত অব্যাহত আছে ভয়ংকৰ খহনীয়া । বিগত চাৰি মাহত ব্ৰহ্মপুত্ৰ আৰু বেঁকী নৈৰ তাণ্ডৱত ৯১২ টা পৰিয়ালৰ ঘৰ ভেঁটি-মাটি উচন হয় ৷ ফলত এতিয়া গৃহহীন লোকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ।

ৰাজ্যত প্ৰলয়ংকৰী বানৰ পিছতেই এতিয়া বিভিন্ন জিলাত গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈছে ৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে হাজাৰ-হাজাৰ লোকৰ ঘৰ মাটি ভেটি ৷ লগতে বিস্তৰ ক্ষতি সাধন হৈছে পশুধনৰ । ঠিক একেদৰে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু বলিয়া বেঁকী নৈয়ে বিগত এটা মাহ ধৰি চলাই গৈছে ভয়ংকৰ তাণ্ডৱ । নৈ দুখনৰ গৰখহনীয়াত বাঘবৰ সমষ্টিত ইতিমধ্যে ৯১২ টা পৰিয়ালৰ ঘৰ-মাটি-ভেঁটি বেঁকী- ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে । ইফালে ঘৰ মাটি হেৰুৱাই এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে স্থানীয় লোক সকলৰ মাজত ।

ইফালে ক'ভিড-১৯ ৰ আতংকৰ মাজতেই চাৰি বাৰকৈ ভয়াৱহ বানপানীৰ কৱলত পৰি সৰ্বহাৰা হ'বলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে । বেকী-ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত নৈ পৰীয়া লোক সকলৰ নিদ্ৰা হৰণ কৰিছে যদিও সম্পূৰ্ণৰূপে কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ থকা বুলি অভিযোগ কৰিছে, বৰপেটা লোকসভা সমষ্টিৰ বহুবল্কী সাংসদ আব্দুল খালেক আৰু বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে ।

নৈ দুখনৰ খহনীয়াৰ তাণ্ডৱত নিৰুপাই হৈ নিজৰ অৱশিষ্ট ঘৰ দুৱাৰ আঁতৰাই নিৰাপদ ঠাইত স্থাপন কৰিবলৈ হাতে কামে ব্যস্ত হৈ পৰিছে স্থানীয় লোক সকল । ইফালে ঘৰ-মাটি-ভেঁটি হেৰুৱাই গৃহহীন হোৱা লোক সকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ চৰকাৰক আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক- বিলাসীপাৰাত আৰক্ষীৰ হাতত জব্দ চোৰাং গৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.