ETV Bharat / state

কৃষি আইন সন্দৰ্ভত মোদী চৰকাৰক সমালোচনা বামপন্থী নেতাৰ

সৰভোগত কৃষক সভাৰ উদ্যোগত অনুষ্ঠিত এক বিশাল গণ সমাবেশত অংশলৈ বৰ্ষীয়ান বামপন্থী নেতা গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে কৃষকক স্বাধীনতা প্ৰদান কৰিছে বুলি কয় ৷ কিন্তু তাৰ বিপৰীতে মোদী চৰকাৰে আম্বানী আৰু বিদেশী পুঁজিপতিৰ স্বাৰ্থত তিনিখন নতুনকৈ কৃষি আইন আনি কৃষকৰ ওপৰত মাধমাৰ মাৰিছে ৷

author img

By

Published : Jan 23, 2021, 7:18 AM IST

Updated : Jan 23, 2021, 7:42 AM IST

আম্বানি আৰু বিদেশী পুঁজিপতিৰ স্বাৰ্থত মোদী চৰকাৰে কৃষি আইন গৃহিত কৰিছে !

বৰপেটাৰোড, 23 জানুৱাৰী : ‘‘পঞ্জাৱ-হাৰিয়ানাৰ খেতিয়কে বিশেষ বজাৰত নিজৰ ধান বিক্ৰী কৰিছে প্ৰতি কুইণ্টল ১৮৭৮ টকাকৈ ৷ কিন্তু আমাৰ অসমৰ কৃষকৰ বাবে এনে বজাৰ নাই ৷’’ এই মন্তব্য জ্যেষ্ঠ বামপন্থী নেতা তথা সৰভোগৰ প্ৰাক্তন বিধায়ক হেমেন দাসৰ ৷

শুকুৰবাৰে সৰভোগত কৃষক সভাৰ উদ্যোগত অনুষ্ঠিত এক বিশাল গণ সমাবেশত অংশলৈ বৰ্ষীয়ান বামপন্থী নেতা গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে কৃষকক স্বাধীনতা প্ৰদান কৰিছে বুলি কয় ৷ কিন্তু তাৰ বিপৰীতে মোদী চৰকাৰে আম্বানী আৰু বিদেশী পুঁজিপতিৰ স্বাৰ্থত তিনিখন নতুনকৈ কৃষি আইন আনি কৃষকৰ ওপৰত মাধমাৰ মাৰিছে ৷ একেদৰে নেতা গৰাকীয়ে কয় যে, উক্ত তিনিখন কৃষি আইনৰ বিৰোধিতাৰে দীৰ্ঘদিন ধৰি কৃষকে দিল্লীত প্ৰতিবাদ কৰি আহিছে ৷ কিন্তু কৃষকৰ সেই প্ৰতিবাদ চৰকাৰে ভংগ কৰাৰ বাবে যি কোনো প্ৰকাৰে উঠি পৰি লাগিছে ৷

কৃষি আইন সন্দৰ্ভত মোদী চৰকাৰক সমালোচনা বামপন্থী নেতাৰ

আনহাতে চৰকাৰৰ এই তিনিখন আইনৰ বাবে কৃষক সকল ভয়ংকৰ ক্ষতিৰ সন্মুখীন হ’ব বুলি কয় নেতা গৰাকীয়ে ৷ বৰ্তমান চৰকাৰে সকলো ক্ষেত্ৰতে এক লুণ্ঠনৰাজ আৰম্ভ কৰিছে বুলি সদৰি কৰে বামপন্থী নেতা হেমেন দাসে আৰু কয় যে, বিজেপি চৰকাৰৰ অনীতিৰ ফলত ভাৰতবৰ্ষৰ সকলো খেতিয়ক ক্ষতিগ্ৰস্ত হ’ব ৷ তাৰোপৰি চৰকাৰে প্ৰৱৰ্তন কৰা কৃষক বিৰোধী আইন দেশী-বিদেশী পুঁজিপতিৰ স্বাৰ্থৰ বাবে আইন অনাৰ ফলত পাঞ্জাৱ-হাৰিয়ানাৰ খাদ্য সামগ্ৰীৰ ভঁড়ালত চৰকাৰে আক্ৰমণ কৰিছে কৰা বুলি উল্লেখ কৰি এই ক’লা আইনৰ ফলত দেশৰ প্ৰতিগৰাকী ব্যক্তিয়ে ভুগিবলগীয়া হ’ব বুলিও মন্তব্য কৰে ৷

লগতে পঢ়কঃ উজান বজাৰত 'গৰু' চাবলৈ ৰাইজৰ ভিৰ

Last Updated : Jan 23, 2021, 7:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.