ETV Bharat / state

Cow Thief detained: চুৰি কৰা গৰু বিক্ৰী কৰি আৰক্ষীৰ জালত চোৰ

author img

By

Published : Aug 3, 2023, 7:30 PM IST

গৰু চুৰি কৰি ধৰা পৰিল কলগাছিয়াৰ কাৰিমুল ইছলাম নামৰ এটা প্ৰখ্যাত চোৰ ৷ চোৰ টোৰ পৰা এটা খালী ড্ৰাগছৰ কন্টেইনাৰো জব্দ কৰা হৈছে ৷

Cow Thief detained at Kalgachia
চুৰি কৰা গৰু বিক্ৰী কৰি আৰক্ষীৰ জালত চোৰ

জনিয়া, 3 আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়াৰ খাৰবাল্লীত এটা গৰু চোৰক আটক কৰা হৈছে ৷ গৰু চুৰি কৰি ধৰা পৰিল কলগাছিয়াৰ কাৰিমুল ইছলাম নামৰ এটা প্ৰখ্যাত চোৰ ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

কেতিয়াবা চাইকেল চুৰি কৰি, কেতিয়াবা ছাগলী চুৰি কৰি, কেতিয়াবা ড্ৰাগছ বিক্ৰী কৰি মুঠতে ইটোৰ পিচত সিটো চুৰিকাণ্ডৰ লগতে অপৰাধজনিত কাৰ্যত জড়িত ধৃত কাৰিমুল ইছলাম ৷

বৃহস্পতিবাৰে গৰু চুৰি কৰি ৰাইজৰ হাতত ধৰা পৰিল প্ৰখ্যাত চোৰ কাৰিমুল ৷ অসমীয়াত এষাৰ কথা আছে, চোৰৰ দহ দিন গৃহস্থৰ এদিন ৷ জানিব পৰামতে, মঙলবাৰে নিশা পূব কলগাছিয়া গাঁৱৰ হাফিজুৰ ইছলামৰ ঘৰৰ পৰা কলগাছিয়াৰ কাৰিমুল ইছলাম আৰু দুল্লু নামৰ দুই চোৰে এটা ৰঙা বৰণৰ গৰু চুৰি কৰি 7 হাজাৰ টকাত বিক্ৰী কৰে খাৰবাল্লী গাঁৱৰ মহুৰ উদ্দিন নামৰ এজন লোকৰ ওচৰত ৷ পিচমুহুৰ্তত মহুৰ উদ্দিনে জ্যেষ্ঠ ভাতৃ বাবুল হুছেইনৰ ওচৰত গৰুটো 15 হাজাৰ টকাত বিক্ৰী কৰি দিয়ে ৷ ইফালে কাৰিমুল ইছলাম আৰু দুল্লু নামৰ দুই চোৰে গৰু বিক্ৰী কৰি পোৱা ধন ভগোৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল ৷

এই কথা গম পাই ৰাইজে চোৰ কাৰিমুল ইছলামক হাতে-লোটে ধৰাৰ পৰিকল্পনা কৰে ৷ তাৰ পিচতে পৰিকল্পনা অনুসৰি ৰাইজে খাপ পিতি থাকি কাৰিমুল ইছলাম নামৰ চোৰটোক কৰায়ত্ত কৰে ৷ ৰাইজৰ প্ৰশ্নত চুৰি কৰাৰ সম্পূৰ্ণ কথা অকপটে স্বীকাৰ কৰে কাৰিমুলে ৷ লগতে চোৰটোৰ পকেটৰ পৰা এটা ড্ৰাগছৰ কন্টেইনাৰ উদ্ধাৰ কৰে ৰাইজে ৷

এই ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উল্লেখ্য যে কাৰিমুল ইছলাম নামৰ চোৰটোৱে ইয়াৰ পূৰ্বেও চুৰি কৰাৰ লগতে ড্ৰাগছৰ গোচৰত জেল হাজোতলৈ যাবলগীয়া হৈছিল ৷ ইফালে গৰুৰ গৰাকীয়ে গৰু ঘূৰাই দিয়াৰ লগতে চোৰক উচিত শাস্তিৰ দাবী জনায় ৷

লগতে পঢ়ক: Robbery incident in Guwahati: ৰাজপথত ৰখাই থোৱা বলেৰ’ বাহনৰ আইনা ভাঙি লুটিলে নগদ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.