পাঠশালা, 20 অক্টোবৰ: এটা আতংকময় আৰু প্ৰত্যাহ্বানৰ বৰ্ষ হিচাপে বিশ্বজুৰি যেন চিহ্নিত হৈ ৰ'ব 2020 বৰ্ষ ৷ কৰ'ণাৰ প্ৰাদুৰ্ভাৱৰ বাবে হোৱা লক ডাউনৰ ফলত আন আন ক্ষেত্ৰত লোকসকলৰ সমান্তৰালকৈ ক্ষতিগ্ৰস্ত হৈছে বস্ত্ৰ ব্যৱসায়ী সকলো ৷ শাৰদীয় পূজাৰ বতৰতো বস্ত্ৰ ব্যৱসায়ী সকলৰ অৱস্থা আগৰ দৰে টনকিয়াল হোৱা পৰিলক্ষিত নহ'ল চলিত বৰ্ষত ৷
এই বৰ্ষত ব্যৱসায় কৰি লাভ অৰ্জন কৰাতো দূৰৰে কথা ৷ বৰঞ্চ প্ৰতিমাহে কেনেদৰে দোকানৰ ভাড়া পৰিশোধ কৰিব তাক লৈয়ো চিন্তাত পৰিছে ব্যৱসায়ী সকল ৷ পাঠশালাত প্ৰতি বছৰে জাক জমকতা আৰু হাজাৰ-হাজাৰ মানুহৰ সমাগমত বিশাল ভগৱতী ক্ষেত্ৰত আয়োজন কৰা হয় দুৰ্গা পূজা ৷ কিন্তু এইবেলি অনুষ্টুপীয়াকৈ হৰিমন্দিৰৰ চাৰিবেৰৰ মাজতে নিয়মমাফিকভাৱে পালন কৰা হ'ব দুৰ্গা পূজা ৷
লগতে পঢ়ক: পূজাৰ সময়তো সমস্যাৰ সন্মুখীন টেন্ট হাউচৰ গৰাকীসকল