ETV Bharat / state

Barpeta Satra land controversy: মছজিদ আৰু কবৰস্থানক কোনে দান কৰিলে বৰপেটা সত্ৰৰ ভূমি ? - Barpeta satra land donation

বৰপেটা সত্ৰৰ ভূমি মছজিদ আৰু কবৰস্থানক দান কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ সত্ৰৰ ভূমি পৰিচালনা সমিতিয়ে অকৰ্তৃত্বশীলভাৱে দান কৰাৰ অভিযোগ ৷ বিষয়টোৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ (Barpeta Satra land controversy) ৷

Barpeta Satra land controversy
মছজিদ আৰু কবৰস্থানক কোনে দান কৰিলে বৰপেটা সত্ৰৰ ভূমি ?
author img

By

Published : Mar 1, 2023, 10:26 PM IST

মছজিদ আৰু কবৰস্থানক কোনে দান কৰিলে বৰপেটা সত্ৰৰ ভূমি ?

বৰপেটা, 1 মাৰ্চঃ বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে বাঘবৰৰ মন্দিয়া জামে মছজিদ আৰু কবৰস্থানক ভূমি দান কৰাক লৈ বৰপেটাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ ভূমিদান প্ৰক্ৰিয়াক লৈ চিবিআই অথবা ইডি'ৰ জৰিয়তে মুখ্যমন্ত্ৰীক তদন্তৰ দাবীত বৰপেটাত প্ৰতিবাদী সমদল ৷ বৃহত্তৰ বৰপেটা ভূমি সংৰক্ষণ মঞ্চৰ নেতৃত্বত বুধবাৰে বৰপেটা চহৰত প্ৰতিবাদী সমদল উলিয়াই বৰপেটাৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰি সত্ৰৰ মাটি মছজিদ আৰু কবৰস্থানক দান দিয়া বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে (Barpeta Satra land controversy) ৷

যিসময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সত্ৰৰ ভূমি, বনভূমি, চৰকাৰী ভূমিৰ অবৈধ দখল উচ্ছেদ কৰি ৰাজ্যবাসীৰ মাজত যথেষ্ট আশাৰ সঞ্চাৰ কৰিছে, তেনে সময়তে বৰপেটা সত্ৰৰ ৰজাদিনীয়া প্ৰদত্ত ভূমিৰ অংশ মন্দিয়া জামে মছজিদ আৰু কবৰস্থানক অবৈধ আৰু অকৰ্তৃত্বশীলভাৱে দান কৰাক লৈ এতিয়া সকলোৱে প্ৰকাশ কৰিছে আশ্চৰ্য ৷ যাৰবাবে এতিয়া তদন্তৰ দাবী কৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে সচেতন ৰাইজে (Barpeta satra land donation) ৷

উল্লেখ্য যে, আহোম ৰজা শিৱ সিংহৰ শাসনকালত মহাপ্ৰভুৰ সেৱাকৰ্মত আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ নামত সমস্ত ভূমিৰ অধিকাৰী কৰি তাম্ৰপত্ৰ যোগে ভূমিদান কৰিছিল । এই ভূমিৰ একমাত্ৰ অধিকাৰী মহাপ্ৰভু নাৰায়ণ । ৰজাদিনীয়া ভূমিদানৰ মূল উদ্দেশ্য আছিল সত্ৰৰ ভূমিভাগ কোনো কালে যাতে কোনেও হস্তান্তৰ কৰিব নোৱাৰে অথবা দান দিব নোৱাৰে তাক নিশ্চিত কৰা (Barpeta Satra) ।

আনকি ভৱিষ্যতে সত্ৰৰ ভূমিৰ গৰিমা আৰু পৰিসীমা কোনো কালে যাতে সংকুচিত হ’ব নোৱাৰে তেনে ব্যৱস্থাৰে মহাপ্ৰভুৰ নামত আহোম ৰজা শিৱ সিংহই স্থায়ী অক্ষত নীতিৰে ভূমিদান কৰিছিল । পৰৱৰ্তী সময়ত ইংৰাজ শাসকেও পূৰ্বৰ ৰজাদিনীয়া নীতিকে বাহাল ৰাখিছিল ।

ৰজাদিনীয়া ভূমিনীতিক সম্পূর্ণ অবজ্ঞা কৰি মন্দিয়া জামে মছজিদ আৰু কবৰস্থানক বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে কি পৰিস্থিতিত অকৰ্তৃত্বশীলভাৱে অতি কৌশলেৰে 5 বিঘা ভূমি দান কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰা বুলি স্মাৰক পত্ৰত উল্লেখ কৰি ইয়াৰ অন্তৰালত ৰাষ্ট্ৰবিৰোধী অপশক্তিৰ ভয় ভাবুকি নে মুখ্যমন্ত্ৰীৰ অবৈধ দখল উচ্ছেদ অভিযানক ব্যৰ্থ কৰাৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি সন্দেহ প্ৰকাশ বৃহত্তৰ বৰপেটা ভূমি সংৰক্ষণ মঞ্চৰ ৷

লগতে পঢ়ক: HS Chemistry question paper leak: প্ৰশ্নকাকত ফাদিলৰ বাতৰি সম্পূৰ্ণ মিছা ভিত্তিহীন, মন্ত্ৰী ডাঃ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.