জনীয়া,3 মে': সোমবাৰে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘটিত হয় এক মাৰপিটৰ ঘটনা । ঘটনাৰ বিৱৰণী অনুসৰি, বহুবছৰে এন চি গাঁৱৰ এডোখৰ ভূমিত খেতি কৰি আহিছিল আলী আকবৰ নামৰ এজন লোকে । এই মাটিখিনিত আলী আকবৰৰ পুত্ৰই তামোল গছ আৰু কল গছৰ খেতিও কৰিছিল । কিন্তু দেওবাৰে নিশা আলী আকবৰৰ ভতিজা ৰমজান আলী, জয়নাল আৰু ৰহিম আলীয়ে নিজৰ মাটি বুলি দাবী কৰি তামোল গছ আৰু কল গছ সমূহ কাটি পেলায় ।
যাৰ বাবে সোমবাৰে পুৱা আলী আকবৰৰ পৰিয়ালে খেতি চাবলৈ যায় আৰু সেই সুযোগতে ৰমজান আলী, জয়নাল, ময়নাল, ৰহিমা, চুফিয়া, ফুলমালা আৰু আকবৰ আলীয়ে হাতে-হাতে দা, লাঠী, কাঠৰ টুকুৰা আৰু ডেগাৰেৰে হালিমা খাতুন, ছানিয়াৰা, মামণি, কাদেৰ আলী, ছায়েদ আলী, আলী আকবৰ, কদম আলী আৰু হুছেইন আলীক মাৰপিট কৰি আহত কৰে ৷
প্ৰায় আঠ গৰাকীকৈ লোক আহত হয় এই সংঘাতত । প্ৰতিপক্ষৰ মাটি বুলি দাবী কৰাত এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে । ইয়াৰ পাচতে এম্বুলেঞ্চৰ জৰিয়তে আহত আঠ গৰাকীক কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত প্ৰতিপক্ষৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে ভুক্তভোগী পৰিয়ালটোৱে ।
অন্য এক খবৰৰ বাবে: সৰ্বানন্দ সোণোৱালৰ জয়ত মাজুলীত আনন্দৰ বন্যা