ETV Bharat / state

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে মহিলাক নিৰ্যাতনৰ অভিযোগ - নিৰ্যাতন

নলবাৰী জিলাৰ দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ এগৰাকী মহিলাৰ ৷ নলবাৰী আৰক্ষী অধীক্ষকক লিখিত অভিযোগ নামা দাখিল মহিলা গৰাকীৰ ৷

complain against oc
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ
author img

By

Published : Jan 3, 2021, 12:15 PM IST

Updated : Jan 3, 2021, 12:51 PM IST

বৰপেটা,3 জানুৱাৰী : নলবাৰী জিলাৰ দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল শইকীয়াৰ বিৰুদ্ধে এগৰাকী মহিলাই অশ্লীল ইংগিত দিয়াৰ অভিযোগ তুলি মুকালমুৱা থানাত দাখিল কৰিছে এজাহাৰ ৷ দৌলাশাল আৰক্ষী চকীৰ আৰক্ষী বিষয়া বাবুল শইকীয়াই দৌলাশাল গাঁৱৰ এগৰাকী মহিলাক বিগত কেইবামাহ ধৰি মানসিক নিৰ্যাতন চলাই অহাৰ লগতে অশ্লীল ইংগিত দিয়াৰ অভিযোগ তুলি ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰি মুকালমুৱা আৰক্ষী থানাত দাখিল কৰিছে গোচৰ ৷

অভিযোগ অনুসৰি, এইগৰাকী বিবাহ বিচ্ছেদ হোৱা মহিলাক আৰক্ষী বিষয়া বাবুল শইকীয়াই দীৰ্ঘদিন ধৰি মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ উপৰিও আৰক্ষী বিষয়া গৰাকীয়ে মহিলা গৰাকীক চৰকাৰী আৱাসলৈ মাতি নি বলপূৰ্বকভাৱে মহিলাগৰাকীক নিৰ্যাতন চলায় ৷

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ

2007 চনৰ পৰা দৌলাশাল আৰক্ষী চকীলৈ অহা বিভিন্নজনৰ এজাহাৰ লিখি জীৱিকা নিৰ্বাহ কৰা ভুক্তভোগী মহিলাগৰাকীয়ে ফোনযোগে অভিযুক্ত আৰক্ষী বিষয়া গৰাকীয়ে তেওঁক চৰকাৰী আৱাসলৈ মাতি নিয়াৰ কথা উল্লেখ কৰে ৷ বিভিন্ন চলাহী কথাৰে হাৰাশাস্তি কৰি অহা বুলিও অভিযোগ তুলিছে মহিলাগৰাকীয়ে ।

বিভিন্ন সময়ত বিভিন্ন অভিযোগেৰে অভিযুক্ত হৈ অহা বাবুল শইকীয়াৰ অশ্লীল প্ৰস্তাৱ সমৰ্থন নকৰাৰ বাবে মহিলাগৰাকীয়ে লিখি দিয়া এজাহাৰ গ্ৰহণ নকৰে বুলিও গুৰুতৰ অভিযোগ তোলে ভুক্তভোগী মহিলাগৰাকীয়ে ।

অৱশেষত মহিলা গৰাকীয়ে নলবাৰী আৰক্ষী অধীক্ষকলৈ মুকালমুৱা আৰক্ষীৰ জৰিয়তে ন্যায় বিচাৰি অভিযোগ পত্ৰ দাখিল কৰিছে ৷ মহিলাগৰাকীয়ে বাবুল শইকীয়াৰ এনে অভব্য আচৰণৰ বিষয়ে দৌলাশাল গাঁওসভাকো লিখিত অভিযোগ দাখিল কৰিছে ৷

লগতে পঢ়ক : ছয়গাঁৱত বিধ্বংসী অগ্নিকাণ্ড

Last Updated : Jan 3, 2021, 12:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.