বৰপেটা, ১৫ ফেব্ৰুৱাৰী: সোমবাৰে বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত নবাগত আদৰণি সভা অনুষ্ঠিত হয় । কৃষ্ণগুৰু জয়ধ্বনি আৰু প্ৰাৰ্থনাৰে আৰম্ভ হোৱা সভাখনত প্ৰথমতে কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰু প্ৰেমানন্দ প্ৰভুৱে ৰচনা কৰা বিশ্ববিদ্যালয়ৰ সংগীত পৰিৱেশন কৰে ছাত্ৰীসকলে । পুৰণি শিক্ষাৰ্থীসকলৰ হৈ পম্পী মেধিয়ে আদৰণি ভাষণ প্ৰদান কৰে ।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় । নবাগত আদৰণি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা আৰু কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামী ।
এই অনুষ্ঠানতে ৰাজনীতি বিজ্ঞান বিভাগত NETৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিশ্ববিদ্যালয়খনৰ প্ৰথমটো শিক্ষাবৰ্ষৰ ছাত্ৰ মানৱজ্যোতি শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । নবাগত আদৰণি সভাখনত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ মাধুৰ্য্যমণ্ডিত বৰুৱা, বিশ্ববিদ্যালয়ৰ নাৰ্চিং প্ৰতিষ্ঠানৰ অধ্যক্ষা নিভা দলে, ৰাজনীতি বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড০ যজ্ঞেশ্বৰ বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে ।
লগতে পঢ়ক:ৰাজ্যসভা নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল বিশ্বজিৎ দৈমাৰীৰ