ETV Bharat / state

বৰপেটাৰোডত উন্মোচন স্বামী বিবেকানন্দৰ ১৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি - কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং

শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰপেটাৰোডত উন্মোচন কৰে স্বামী বিবেকানন্দৰ ১৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি ৷ মুখ্যমন্ত্ৰীৰ গৰাকীৰ লগত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস ।

বৰপেটাৰোডত উন্মোচন স্বামী বিবেকানন্দৰ ১৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

author img

By

Published : Feb 20, 2021, 7:06 AM IST

বৰপেটাৰোড, 20 ফেব্ৰুৱাৰীঃ স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ উদ্দেশ্যে শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় বৰপেটাৰোডত ৷ মুখ্যমন্ত্ৰীৰ গৰাকীৰ লগত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস ।

বৰপেটাৰোড চহৰৰ স্বামী বিবেকানন্দ ভাৱ-দর্শন কেন্দ্ৰৰ সৌজন্যত স্বামী বিবেকানন্দৰ স্বদেশ প্ৰত্যাৱর্তনৰ ১২৫ বছৰীয়া বৰ্ষপূতি উপলক্ষে বৰপেটাৰোড চহৰৰ মাজ মজিয়াত মোহনলাল চৌধুৰী স্মৃতি উদ্যানত সংস্থাপন কৰা প্ৰতিমূৰ্তিটো উন্মোচন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে যে, স্বামী বিবেকানন্দৰ এই প্ৰতিমূৰ্তিয়ে ভাৰতীয় সমাজৰ হিন্দু সভ্যতাৰ শক্তিশালী চেতনা প্ৰদান কৰি যাব ৷ স্বামী বিবেকানন্দৰ আদৰ্শৰে সমাজখনক ইতিবাচক চিন্তা চৰ্চাৰ যোগেদি শক্তিশালী ৰূপত বিশ্বদৰবাৰত প্ৰতিষ্ঠা হ’ব লাগিব ৷

বৰপেটাৰোডত উন্মোচন স্বামী বিবেকানন্দৰ ১৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

উল্লেখ্য যে, পশ্চিমবংগৰ মেদিনীপুৰৰ স্বপন মাইটী নামৰ এগৰাকী শিল্পীয়ে ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে ৷ প্ৰায় ২১ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে বিবেকানন্দ ভাৱ দৰ্শন কেন্দ্ৰই ৬৫ লাখ টকা ব্যয় সাপেক্ষ প্ৰকল্প গ্ৰহন কৰিছে ৷ উক্ত প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে ১০ লাখ টকা, সৰভোগৰ বিধায়ক ৰনজিৎ কুমাৰ দাসে সমষ্টি উন্নয়ণ পূঁজিৰ পৰা ১৫ লাখ টকা আগবঢ়োৱাৰ লগতে স্থানীয় ৰাইজে সহায় সহযোগ আগবঢ়াইছে ৷

বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিগত কাৰ্য-কালত যি কাম কৰিছে সেয়া স্বচ্ছ আৰু নিকা ভাৱে কৰিছে বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ অসমৰ বুকুত চকুত লগা ধৰণে পৰিৱৰ্তন হৈছে ৷ দুখীয়া পৰিয়ালৰ সন্তানে মেধাৰ ভিত্তিত চাকৰি পাবলৈ সক্ষম হৈছে ৷ যাৰ বাবে আগন্তুক নিৰ্বাচনতো বিজেপিক পুনৰ অসমৰ ৰাইজে আন্তৰিকতাৰে বিচাৰিছে ৷

কংগ্ৰেছে ৫৫ বছৰ কাল শাসনত থাকি গোটেই ব্যৱস্থাটোক বিনষ্ট কৰাৰ ফলত সমগ্ৰ অসমত বিশৃংখলতা আৰু অৰাজকতা পৰিৱেশৰ সৃষ্টি হোৱাত বিভিন্ন সময়ত বিভিন্ন সংঘাত হোৱাত বহু নিৰীহ লোকে অকালতে মৃত্যুক আকোৱালি ল’বলগীয়া হৈছিল বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ বিজেপিৰ কাৰ্যকালত শান্তি উভতি আহিছে সমন্বয়ৰ বাতাবৰণ সৃষ্টিৰ জৰিয়তে সকলোকে লগতলৈ মিলাপ্ৰীতিৰে শক্তিশালীভাৱে কাম কৰাৰ পৰিৱেশ গঢ়ি উঠা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিয়ে মূল্যবোধৰ ৰাজনীতিৰে ভাৰতবৰ্ষৰ ৰাজ্য সমূহৰ ভিতৰত অসমক অন্যতম ৰাজ্য হিচাপে গঢ়ি তোলাৰ বিশ্বাস ৰাইজৰ মনত জাগি উঠিছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে ৷ কংগ্ৰেছ মানুহৰ মনৰ পৰা নাইকিয়া হৈ যোৱা বুলি উল্লেখ কৰি বিগত ৫৫ বছৰ কংগ্ৰেছে একো নকৰিলে বুলিও কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে এই সভাত জনতাৰ আগত মন্তব্য কৰে যে, সমগ্ৰ অসম পৰিভ্ৰমণ কৰি কংগ্ৰেছে দেখিছে যে কংগ্ৰেছ শূন্য হৈ আছে ৷ অসম বচাও শ্লোগান কংগ্ৰেছে ইমান দিনে কিয় দিয়া নাছিল বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়েই চৰকাৰ গঠন কৰিব ৷

এই সভাত বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা আৰু বিশিষ্ট সমাজ সেৱক বশিষ্ঠ বুজৰবৰুৱাইয়ো অংশগ্ৰহন কৰে ৷

লগতে পঢ়কঃ আলফাৰ নতুন বিবৃতি পিচতে বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.