ETV Bharat / state

হাউলীত শিশু অপহৰণ কৰিবলৈ আহি আৰক্ষীৰ জালত তিনি - hauli child lifter

দাবালীয়াপাৰা আঞ্চলিক হাই মাদ্ৰাছাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আশিক আলীক অপহৰণ কৰিবলৈ আহি গ্ৰেপ্তাৰ হ'ল -মকিবুল ইছলাম, ছাদ্দাম আলী আৰু মহিদুল ইছলাম ৷

হাউলীত শিশু অপহৰণ কৰিবলৈ আহি আৰক্ষীৰ জালত তিনি যুৱক
author img

By

Published : Apr 27, 2019, 11:14 AM IST

বৰপেটা, 27 এপ্ৰিল : হাউলী আৰক্ষী থানাৰ অন্তৰ্গত দাবালীয়াপাৰা গাঁৱৰ জাহেৰ আলীৰ 12 বছৰীয়া পুত্ৰ আশিক আলীক অপহৰণ কৰিবলৈ অহা তিনিজন যুৱকক স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

জানিব পৰা মতে, বৃহস্পতিবাৰে ৰাতিপুৱা 10 বজাত অচিনাকি তিনিজন যুৱকে নম্বৰ প্লেট বিহীন মাৰুতী গাড়ীৰে আহি আব্দুল মজিদ নামৰ এজন লোকক আশিক আলী সম্পৰ্কে বিতং জানিব বিচৰাত পৰিয়ালৰ লোকৰ মাজত সন্দেহৰ সৃষ্টি হয় | পিচত অচিনাকী যুৱক দুজনে তাৰ পৰা গুচি আহি দাৱালীয়াপাৰা চ'কত আশিকক অপহৰণ কৰাৰ বাবে দীৰ্ঘ সময় ধৰি খাপ পিটি থাকে ৷ যুৱক দুজনৰ চাল-চলনত সন্দেহ ওপজাত আশিকৰ মাক আনোৱাৰা খাতুনে ঘটনা সন্দৰ্ভত হাউলী আৰক্ষীক অৱগত কৰে ৷ হাউলী আৰক্ষীৰ বিশেষ তৎপৰতাত আৰু স্থানীয় ৰাইজৰ সহযোগত হাউলী বৰপেটা পথত গাড়ীৰ চালক সহ যুৱক দুজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

হাউলীত শিশু অপহৰণ কৰিবলৈ আহি আৰক্ষীৰ জালত তিনি যুৱক

আটকাধীন যুৱক কেইজন হ'ল-মকিবুল ইছলাম, ছাদ্দাম আলী আৰু মহিদুল ইছলাম ৷ অপহৰণকাৰী কেইজনৰ বিৰুদ্ধে হাউলী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 365/511 ধাৰাত 173/19 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীয়ে জানিবলৈ দিয়ে ৷

Slug:    A_BAR_27APR_805TO807_BARPETA_KIDNAPPER_ARREST_VIS+PHOTO_BAPKAN_DAS                        

 হাউলীৰ দাৱালীয়া পাৰাত শিশু অপহৰণ কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল তিনি যুৱক 

বৰপেটা ২৭ এপ্ৰিল: হাউলী আৰক্ষী থানাৰ অন্তৰ্গত দাৱালীয়াপাৰা গাঁৱৰ   জাহেৰ আলীৰ ১২ বছৰীয়া পুত্ৰ আশিক আলীক অপহৰণ কৰিবলৈ অহা তিনিজন যুৱকক স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে | জানিব পৰা মতে বৃহস্পতিবাৰে ৰাতিপুৱা ১০ বজাত অচিনাকি দুইজন যুৱকে নম্বৰ প্লেট বিহীন মাৰুতী গাড়ীলৈ আহি ৰাস্তাৰ দাঁতিত গাড়ীখন ৰখাই আব্দুল মজিদ নামৰ এজন লোকক আশিক আলী সম্পৰ্কে বিতং জানিব বিচৰাত পৰিয়ালৰ লোকৰ মাজত সন্দেহৰ সৃষ্টি হয় | পিছত অচিনাকী যুৱক দুজনে  তাৰ পৰা গুচি আহি  দাৱালীয়াপাৰা চ'কত উক্ত ল'ৰা আশিকক অপহৰণ কৰাৰ বাবে দীৰ্ঘ সময় ধৰি খাপ পিটি বহি থাকে| এনেতে আশিকৰ মাক আনোৱাৰা খাতুনে সিহঁতৰ চাল চলনত সন্দেহ হোৱাত হাউলী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰোৱা হয় পিছত হাউলী আৰক্ষীৰ বিশেষ তৎপৰতাত আৰু স্থানীয় ৰাইজৰ সহযোগত হাউলী বৰপেটা পথত গাড়ীৰ চালক সহ যুৱক দুজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়| আটকাধীন যুৱক কেইজন হল  মকিবুল ইছলাম, ছাদ্দাম আলী আৰু মহিদুল ইছলাম |এওঁলোকৰ বিৰুদ্ধে হাউলী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৫/৫১১ ধাৰাত ১৭৩/১৯ নম্বৰৰ গোচৰ  এটি পঞ্জীয়ন কৰা হৈছে বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীয়ে জানিবলৈ দিয়ে |আটকাধীন যুৱক তিনিজনৰ বিৰুদ্ধে অধিক জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে | উল্লেখ্য যে আশিক আলী দাবালীয়াপাৰা আঞ্চলিক হাই মাদ্ৰাছাৰ সপ্তম শ্ৰেণীৰ ছাত্র  |                                                              
 --- বাপকন দাস, বৰপেটা                                                              
   ফুটেজ আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.