জনিয়া, 6 জানুৱাৰী : বৃহস্পতিবাৰে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দিগজানী গাঁৱত সংঘটিত হয় এক অমানৱীয় কাণ্ড ৷ এই ঘটনা সংঘটিত হৈছে কলগাছিয়াৰ দিগজানি গাঁৱত ৷ ঘৰুৱা হিংসাই প্ৰাণ ল'লে প্ৰায় 50-60 টা পোহনীয়া কুকুৰাৰ ৷
ঘটনা অনুসৰি দিগজানি গাঁৱৰ জামাল উদ্দিন, কামাল উদ্দিন আৰু ছিৰাজুল হক এই তিনিটা পৰিয়ালৰ লোকৰ লগত একে গাঁৱৰে আবু বক্কৰ ছিদ্দিক নামৰ ব্যক্তিজনৰ শত্ৰুতা আছিল ৷ যাৰ বাবে বৃহস্পতিবাৰে আবু বক্কৰ ছিদ্দিকে এই পৰিয়ালকেইটাৰ 50-60 টা পোহনীয়া কুকুৰাক ধানত বিহ মিহলাই হত্যা কৰে বুলি অভিযোগ উত্থাপিত হৈছে (Chicken poisoned to death in a farm over family) ৷
ইতিমধ্যে পৰিয়ালকেইটাই কলগাছিয়া আৰক্ষী থানত আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আবু বক্কৰ ছিদ্দিকে একেই ঘটনা সংঘটিত কৰিছিল বুলি জানিবলৈ দিয়ে ভুক্তভোগী পৰিয়ালে । আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষীক বিহিত ব্যৱস্থা হাতত ল'বলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালকেইটাই ৷
লগতে পঢ়ক : Cheque Distribution in Dibrugarh : ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে ঋণ ৰেহাইৰ চেক