বৰপেটা ২5 জুলাইঃ বৰপেটা জিলাত যোৱা ২২ জুলাইত সৰ্থেবাৰীৰ আমৃখোৱা চিনাদি পথৰ মৰা চাউলখোত উদ্ধাৰ হৈছিল এগৰাকী গাড়ী চালক আবু শ্বামা আলীৰ মৃতদেহ । আনহাতে আবু শ্বামা আলী নামৰ চালক গৰাকীৰ হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰী জয়নুদ্দিন আলীক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।
হত্যাকাৰী জয়নুদ্দিন আলীৰ ঘৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গৰিয়া চতলাত বুলি জানিব পৰা গৈছে । ঘটনা অনুসৰি যোৱা ২২ জুলাইত মৰা চাউলখোৱাত উদ্ধাৰ হৈছিল চালক আবু শ্বামা আলীৰ মৃতদেহ । গাড়ী চুৰি চক্ৰটোৱে আবু শ্বামা আলীক ডিঙি চেপি হত্যা কৰি পেলাই থৈ গৈছিল মৰা চাউলখোত । ইপিনে আবু শ্বামা আলীক হত্যা কৰিয়েই গাড়ী লৈ উধাও হৈছিল হত্যাকাৰী দলটো ।

জানিব পৰামতে গুৱাহাটী কটাহবাৰীৰ পৰা গাড়ী ভাড়া লৈ বিলাসীপাৰালৈ গৈছিল হত্যাকাৰীৰ দলটো । সেই সময়তে সুযোগ বুজি সাত জনীয়া হত্যাকৰীৰ দলটোৱে সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰঘোপাত ডিঙি চেপি হত্যা কৰি পেলাই থৈ গৈছিল আবু শ্বামা আলীক । কিন্তু যোৱা নিশা ৰহস্যজনক ভাবে AS 01 LC 6170নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে নলবাৰীৰ হিদলাট্টাৰী আৰু দমদমা পথাৰৰ মাজত মুকালমুৱা আৰু দৌলাশাল আৰক্ষীয়ে । সম্প্ৰতি আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ মঙলদৈত বান বিধস্ত অঞ্চল পৰিদৰ্শন ৰিপুন বৰাৰ